অসমীয়া ফটো ব্লগ।এই ব্লগত সকলোবোৰ অসমীয়া ইউনিক'ডত লিখাৰ চেষ্টা কৰা হৈছে।মোৰ ক্ষুদ্ৰ জ্ঞানৰে কেমেৰা আৰু ফটোগ্ৰাফী সম্পৰ্কে কিছু লিখিবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ মৌলিক লিখনি বুলি কেতিয়াও দাবি কৰিব নোৱাৰো।বিভিন্ন কিতাপ,আলোচনী আৰু ইন্টাৰনেটৰ বিভিন্ন ব্লগ আৰু চাইতৰ পৰা সংগ্ৰহ কৰা সমল সমুহ মাত্ৰ মাতৃভাষালৈ অনুবাদহে কৰিছোঁ। আপোনালোকৰ দিহা-পৰামৰ্শ আশা কৰিলোঁ।
লেবেল
Assamese actress
(1)
ASSAMESE DRAMA
(2)
assamese Egreetings
(2)
assamese model
(7)
Assamese Models
(4)
Assamese Models with Chadar-Mekhela
(4)
Assamese song
(3)
Assamese Video
(2)
bihu
(4)
Biswanath Chariali
(5)
Biswanath Ghat
(1)
Macro Photography
(1)
অসম
(1)
অসমীয়া
(1)
অসমীয়া অভিনেত্ৰী
(2)
অসমীয়া গীত
(3)
অসমীয়া নাটক
(2)
অসমীয়া মডেল
(1)
অসমীয়া শুভেচ্ছা পত্র
(2)
গ্রহণ
(1)
দুৰ্গা পূজা
(1)
পূজাৰ আলোকচিত্ৰ
(1)
ফটোগ্রাফী শিক্ষা
(11)
ফাকুৱা
(1)
বিশ্বনাথ চাৰিআলি
(5)
বিহু
(5)
বিহু bihu
(3)
হ'লী
(1)
হাতৰ সুচল
(1)
January 17, 2017
June 26, 2016
ফটোগ্ৰাফী শিক্ষা-৬ (হোৱাইট বেলেঞ্চ)
ফটোগ্রাফী শিক্ষা : সঠিক ৰঙৰ বাবে হোৱাইট বেলেঞ্চ ঠিক কৰক।
ফটো তোলাৰ সময়ত চাটাৰ স্পীড,
এপাৰেচাৰ, ISO আদি বিষয় সমুহ ইমানেই গুৰুত্বপূৰ্ণ যে হোৱাইট বেলেঞ্চৰ কথাটো মনলৈয়ে
নাহে। ফলত ফটোখনৰ প্ৰকৃত ৰঙৰ সলনি নীল, ৰঙা বা সেউজীয়া ৰঙৰ এটা প্ৰলেপ। সঠিক
হোৱাইট বেলেঞ্চৰ দ্বাৰা এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। আজি হোৱাইট বেলেঞ্চনো কি,
সেই বিষয়ে অলপ বাখ্যা কৰিব ওলাইছো।
ফটো এখনত সকলোতকৈ আলোকিত আৰু সকলোতকৈ অন্ধকাৰ দুটা
বিন্দুৰ কথা ভবা যাওক। আতাইতকৈ পোহৰ অংশৰ ৰং হব লাগে ‘বগা’ আৰু আতাইতকৈ অন্ধকাৰ অংশৰ
ৰং হব লাগে ক’লা।এই বগা অংশক সম্পুৰ্ণ
বগাকৈ দেখাৰ ব্যৱস্থা কৰাটোৱেই হ’ল
“হোৱাইট
বেলেঞ্চ”।
এই বিষয়টোৰ লগত জৰিত আছে কিছুমান আলোক তত্ত্ব।
প্ৰতিটো ৰঙৰে বগাৰ তুলনাত আছে নিজস্ব বৈশিষ্ট। ইয়াৰ জোখ বা মাত্ৰা জোখা হয় ‘কেলভিন তাপমান’ত। ইয়াক “কালাৰ টেম্পেৰেচাৰ” বুলি কোৱা হয়।
অতিবেঙুনীয়া ৰস্মিৰ চৰ্টৱেভ লেংথৰ কালাৰ টেম্পেৰেচাৰ
বেছি,যেনেকৈ বগা ৰঙ হৈছে ৫৬০০ ডিগ্ৰী কেলভিন, আনহাতে ইনফ্ৰাৰেড লংৱেভৰ টেম্পাৰেচাৰ
কম , ২০০০ ডিগ্ৰী কেলভিন।বেঙুনীয়াৰ আৰু ৰঙাৰ মাজৰ ৰংসমুহ ক্ৰমে
নীলা,সেউজীয়া,হালধিয়া, কমলা ইত্যাদি।(বেঘনীসেহাসুৰ)
কালাৰ টেম্পেৰেচাৰৰ
বৈজ্ঞানিক বাখ্যা হৈছে কাৰ্বন তপত কৰিলে বিভিন্ন কেলভিন টেম্পাৰেচাৰত ৰঙৰ যি
পৰিৱৰ্তন হয় সেয়াই। যেনে ২০০০ ডিগ্ৰী তাপত কাৰ্বনৰ ৰং ৰঙা।৫৬০০ ডিগ্ৰীত একেবাৰে
বগা।
সূৰ্য্যৰ কথাটোকে উদাহৰন হিচাপে লওঁক। দুপৰীয়া যেতিয়া
কালাৰ টেম্পেৰেচাৰ আতাইতকৈ বেছি, তেতিয়া আমি বগা পোহব পাওঁ।আনহাতে সূৰ্য্যোদয় বা
সূৰ্যাস্তৰৰ সময়ত সূৰ্য্যৰ ৰস্মি বেকা হোৱা আৰু দুৰত্ব বৃদ্ধি হোৱাৰ বাবে
টেম্পেৰেচাৰ কমি যায় আৰু আমি ৰঙা+হালধিয়+ সোনালী আভাৰ পোহৰ।
আমাৰ চকুৱে এই প্ৰাৰ্থক্য সহজে বাছি উলিয়াব পাৰে
কিন্তু কেমেৰাই সেইটো নিজে কৰিব নোৱাৰে।আপুনি সুৰ্য্যাস্তৰ সময়ত দুপৰীয়াৰ হোৱাইট
বেলেঞ্চ চেট কৰে তেন্তে ফটোত সঠিক ৰং নাপাব। কিন্তু সঠিক হোৱাইট বেলেঞ্চ কৰি আপুনি
পাব পাৰে ফটো এখনৰ সঠিক ৰং ।বেছিভাগ কেমেৰাটে হোৱাইট বেলেঞ্চৰ বাবে কিছুমান অপচন
দিয়া থাকে। ইয়াৰে এটা আকৌ ‘অটো’। এই অপচনত কেমেৰাই নিজেই
পোহৰ বিশ্লেষণ কৰি ঠিক কৰি লয় কেনে ধৰনৰ হোৱাইট বেলেঞ্চ লব লাগিব। পেচাদাৰী বা
প্ৰফেচনেল ফটোগ্ৰাফাৰে এই অপচন সাধাৰনতে ব্যৱহাৰ নকৰে।
ইয়াৰোপৰি যি কেইটা প্ৰীচেট
আছে সেই সমুহ এনেধৰনৰ: চিধা সুৰ্য্যৰ পোহৰ,ডাৱৰীয়া,ছাঁ,মমৰ পোহৰ,ফ্লৰ’চেন্ট টিউবৰ পোহৰ,সাধাৰন
বাল্বৰ পোহৰ, ফ্লেচ ইত্যাদি নামৰ।যেনেকুৱা পোহৰত ফটো উঠাব বিছাৰে তাৰ লগত মিলাই
চিলেক্ট কৰি ল’লেই হ’ল। অভিজ্ঞ ফটোগ্ৰাৰ কিন্তু এই সমুহত সন্তুস্ত
নহয়।(সেই বাবে তেওঁলোকৰ ফটো ভাল হয়।) তেওলোকৰ বাবে কেমেৰাত আছে কেলভিন ডিগ্ৰীৰ মান
চাই হোৱাইটবেলেঞ্চ ঠিক কৰাৰ ব্যৱস্থা।তাৰ বাবে আপুনি জানিব লাগিব কি ৰঙৰ পোহৰৰ
কালাৰ টেম্পেৰেচাৰ মান কিমান। কামটো অলপ কঠিন কিন্তু।
বহুত কেমেৰাত আপুনি যত ফটো উঠাইছে সেই স্থানৰ কালৰ
টেম্পেৰেচাৰ জোখাৰ ব্যৱস্থা থাকে।এনে দৰে জুখিলৈ সঠিক কালাৰ টেম্পেৰেচাৰ ব্যৱহাৰ
কৰা সম্ভৱ।
উদাহৰন হিছাপে মই নাইকন ডি-60 কেমেৰাৰ উদাহৰন দিব বিছাৰোঁ।[
যিহেতু মই নিজে Nikon D-60 ব্যৱহাৰ কৰোঁ।]
প্ৰথমে মেনু খোলক।
Preset Manual চিলেক্ট কৰক।
যি স্থানত আপুনি ফটো তুলিব সেই পৰিৱেশত এখন বগা কাগজ,
থাৰ্মকল অথবা বগা কিবা বস্তু ৰাখক।
Aparture Priority মুডলৈ যাওক।
হোৱাইট বেলেঞ্চ বুটাম টিপি ধৰি কমাণ্ড ডায়েল ঘুৰাই
থাকক যেতিয়ালৈকে প্ৰীচেট দেখা নাযায়।
হোৱাইট বেলেঞ্চ বুটাম এৰি দিয়ক, আকৌ ২ চেকেণ্ড টিপি
ধৰক।ডিচপ্লে স্ক্ৰীনত আইকন ব্লীংক কৰি থাকিব।
সম্পূৰ্ণ স্ক্ৰীনত বগা কাগজখন ফ’কাচ কৰক।
চাটাৰ ৰিলিজ বুটাম চেপি ধৰক।
মনত ৰাখিব, এতিয়া কোনো ফটো নুঠে ।কিন্তু কেমেৰাই সেই
মুহুৰ্ত্ততহোৱাইট বেলেঞ্চৰ বাবে মান ৰেকৰ্ড কৰিব।মান সঠিক হ’লে ডিচপ্লেত Good বুলি লিখা
দেখিব।
মনত ৰাখিব, পৰিৱেশ বা পোহৰৰ পৰিৱৰ্তনৰ লগে লগে এই মান
সলনি হয়। গতিকে আপুনি স্থান বা পোহৰ সলনি কৰিলে আকৌ হোৱাইট বেলেঞ্চ কৰিব লাগিব।
অভ্যাস হৈ গ’লে এই কামটো কেই চেকেণ্ড
মানৰ ভিতৰতে কৰিব পৰা যায়। আপোনাৰ কেমেৰাত এই ব্যৱস্থা থাকিলে তাক ব্যৱহাৰ কৰক।
******
অন্য
কেমেৰাৰ বাবে পদ্ধতিটো সামন্য সলনি হব।
অন্য বিষয় জানিবলৈ ক্লীক কৰক:
April 28, 2016
Subscribe to:
Posts (Atom)









































































