কেমেৰা ভাল হলে ফটো ভাল হয়। কথাটা কিছু সত্য । কিন্তু সাধাৰণ কেমেৰা ব্যবহাৰ কৰিও সুন্দৰ ফটো উঠোৱাৰ বহু উদাহৰণ আছে। দামী ‘এচ এল আৰ’ কেমেৰাই হওঁক বা সাধাৰণ ‘এইম এণ্ড ক্লিক’ কেমেৰা হওঁক অথবা মোবাইল ফোনৰ কেমেৰাই হওঁক কিছু নিয়ম মানিলে যি কোনো লোকেই ভাল ফটো উঠাব পাৰিব। পেশাদাৰ ফটোগ্রাফাৰ সকলে যিবোৰ নিয়ম মানি ফটো তোলে, সেই বোৰ কিছু জানি লওক।
ছবিৰ বিষয় ঠিক কৰক।
ত্রি-তত্ত্ব (rule of three):
অন্য লিংক: www.dwijen.webs.com
সম্পুর্ণ ফটো তোলক :

ফুল নহৈ যদি কোনো বিশেষ বস্তু ,আনকি কোনো ব্যক্তিৰ বিষয়েও হয় তেতিয়াও এই নিয়মতে ফটো উঠাওক। আপুনি ভাবিৱ পাৰে যে ফটো তোলাৰ পাছত ফটোচপ(Photoshop)ত কাষৰ অলাগতিয়াল বস্তু সমুহ বাদ দিব পাৰি দেখোন! সেইটো নকৰি এনেভাবেই ফটোতোলাৰ অভ্যাস কৰক।ফটোগ্রাফিৰ ক্ষেত্রত এটি বিক্ষ্যাৎ উক্তি হৈছে, “....ফটো বেয়া হৈছে কাৰণ আপুনি যথেষ্ট ওছৰলৈ যোৱা নাই।" গতিকে যিমান পাৰে ওছৰলৈ যাওক,নতুবা লেঞ্চ সলনি কৰক অথবা জুম ব্যৱহাৰ কৰক।
পোর্ট্রেট মুডত ছবি উঠাওক :

ফ্রেমৰ মাজত ফ্রেম:

other link: ফটোগ্রাফি শিক্ষা-১
ডেপথ অফ ফিল্ড:
ডেপথ অব ফিল্ড এনে এটি বিষয় যাৰ ওপৰত ছবিৰ সৌন্ধৰ্য্য নিৰ্ভৰকৰে। এই কথাষাৰে আছলতে ডেপথ্ অফ ফিল্ড সম্পৰ্কে কোনো ধাৰণা নিদিয়ে। আছলতে “ডেপথ্ অফ ফিল্ড” বিষয়টো পৰিমাপ কৰাৰ কোনো ব্যৱস্হা নাই। সাধাৰণ ভাবে কবলৈ হ’লে যেতিয়া এখন ফটো তোলা হয় তেতিয়া কোনো এটা বিন্দুত ফ’কাচ কৰা হয়। সেই বিন্দুটো আতাইতকৈ স্পষ্ট দেখা যায়। সেই বিন্দুৰ পৰা কোনো বস্তু যিমানেই আঁতৰি যাব সিমানেই ধুৱলী-কুৱলী দেখা যাব। অৱস্যে ইয়াৰ পাৰ্থক্য থাকে।
![]() |
কম "ডেপ্থ অফ ফিল্ড"ৰ এখন পখিলাৰ ফ'টো। |
ধৰক, আপুনি খুব ওছৰৰ পৰা এটা ফুলৰ ফটো উঠাইছে, তাৰ পৰা কেই ইঞ্চিমান দুৰৰ ফুল বা পাতবোৰ
ধুৱলী-কুৱলী দেখা যাব।অন্যহাতে, আপুনি মুকলি পথাৰ এখনত দুৰৈৰ সৰু ঘৰ এটাৰ ফটো লৈছে, তাৰপৰা বহু আঁতৰৰ গছ-গছনী, মুকলি আকাশ কিন্তু ধুৱলী-কুৱলী হোৱা নাই। এইক্ষেত্ৰত ক’ব পাৰে প্ৰথম উদাহৰণত “ডেপথ্ অফ ফিল্ড” কম আৰু ২য় উদাহৰণত “ডেপথ্ অফ ফিল্ড” বেছি।
এতিয়া কথা হ’ল কোনটো ভাল ? ইয়াৰ কোনো সঠিক উত্তৰ নাই। যেতিয়া এটা ফুলৰ সৈতে পখিলাৰ ফটো এখন তোলা হয়, তেতিয়া সকলোৱে বিছাৰে ফুল আৰু পখিলাটো স্পষ্ট হওঁক আৰু বাকি বস্তু অস্পষ্ট ধুৱলী-কুৱলী হওক। এই ধুৱলী-কুৱলী বেকগ্ৰাউণ্ডএ ফটোখনৰ মূল বিষয়বস্তুক আৰু স্পষ্ট ৰূপত তুলি ধৰে। গতিকে এইক্ষেত্ৰত ক’ব লাগিব কম ‘ডেপথ্ অফ ফিল্ড’ ভাল।
পাছৰ উদাহৰণত চাওঁক, যদি পাৰ্স্বৱৰ্তি বিষয় বস্তুবোৰ যেনে, দুৰৰ গছ-গছনী, আকাশ ইত্যাদিবোৰ অস্পষ্ট ধুৱলী-কুৱলী হয় তেন্তে ফটোখন সম্পূৰ্ণ নহব। এইক্ষেত্ৰত বেছি ‘ডেপথ্ অফ ফিল্ড’ ভাল।অৱশ্যে প্ৰকৃতিক দৃশ্য(Landscape)ৰ ক্ষেত্ৰত ডেপথ অফ ফিল্ড কমাই বিভিন্ন ধৰণৰ ফটো পাব পাৰি। গতিকে ডেপথ অফ ফিল্ড কম নে বেছি ব্যৱহাৰ কৰিব তাৰ কোনো ধৰা বন্ধা নিয়ম নাই। ফটোৰ বিষয় বস্তু চাই আপুনি নিজেই ঠিক কৰিব লাগিব আপুনি কোনটো ব্যৱহাৰ কৰিব।
এপাৰচাৰ আৰু ডেপফ্ অফ ফিল্ড:-
আপুনি ডেপথ্ অফ ফিল্ড বেছি লাগে নে কম, সেইটো
কেনেকৈ নয়ন্ত্ৰন কৰিব ? সকলোতকৈ সহজ উপায় এপাৰচাৰ পৰিৱৰ্তন কৰা। এপাৰচাৰ যিমান সৰু
[মান বেছি] ডেপথ্ অফ ফিল্ড সিমান বেছি। লেণ্ডস্কেপৰ বাবে বহুতে F/22 আৰু
কম ডেপথ্ অফ ফিল্ডৰ বাবে F/5.6 বা আৰু বেছি [সংখ্যা কম]
ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।
লেঞ্চ
আৰু ডেপথ অফ ফিল্ড:-
লেঞ্চৰ ফোকেল লেন্থে ডেপথ্ অফ ফিল্ডৰ ওপৰত প্ৰভাব পেলায়। ফোকেল
লেন্থ যিমান কম হব ডেপথ্ অফ ফিল্ড সিমান বেছি হ’ব।উদাহৰণ হিছাবে, এখন 55 mm লেঞ্চৰে
F/8 এপাৰচাৰত যিমান ডেপথ্ অফ ফিল্ড পোৱা যাব একেই এপাৰচাৰত 200mm লেঞ্চ এখনত কিন্তু তাতকৈ বহুত কম ডেপথ্ অফ ফিল্ড পোৱা যাব। সেই কাৰণেই
কম ফোকেল লেএন্থৰ লেঞ্চ সমুহ প্ৰাকৃতিক দৃশ্যৰ ফটোগ্ৰাফীৰ বাবে বেছি ভাল।
দুৰত্ব আৰু ডেপথ্ অফ ফিল্ড:-
কেমেৰাৰ পৰা বিষয়বস্তু যিমান দুৰত থাকিব
সিমানে ডেপথ্ অফ ফিল্ড বেছি পোৱা যাব। এটা ফুলৰ যদি ওছৰৰ পৰা ফটো তোলে তাৰ ডেপথ্
অফ ফিল্ড একেবাৰে যিমান কম পাব দুৰৰ পৰা তুলিলে সেইটো নাপাব।গতিকে ভাল ফটো এখন
পাবৰ বাবে আপুনি ফটো তোলোতে “ডেপথ্ অফ ফিল্ড”ৰ বিষয়ত দৃষ্টি ৰাখক। সহজ উপায় হ’ল একেখন ফটোকে বেলেগ
বেলেগ চেটংছত তোলক আৰু ভালকৈ পৰ্য্যবেক্ষণ কৰক। এসময়ত দেখিব আপুনি যেনে দৰে
বিছাৰিছে সেইটো আপোনাৰ হাতৰ মুঠিত। গতিকে শুভেচ্ছা থাকিল।
No comments:
Post a Comment