কেমেৰা ভাল হলে ফটো ভাল হয়। কথাটা কিছু সত্য । কিন্তু সাধাৰণ কেমেৰা ব্যবহাৰ কৰিও সুন্দৰ ফটো উঠোৱাৰ বহু উদাহৰণ আছে। দামী ‘
এচ এল আৰ’ কেমেৰাই হওঁক বা সাধাৰণ ‘এইম এণ্ড ক্লিক’ কেমেৰা হওঁক অথবা মোবাইল ফোনৰ কেমেৰাই হওঁক কিছু নিয়ম মানিলে যি কোনো লোকেই ভাল ফটো উঠাব পাৰিব। পেশাদাৰ ফটোগ্রাফাৰ সকলে যিবোৰ নিয়ম মানি ফটো তোলে, সেই বোৰ কিছু জানি লওক।
ছবিৰ বিষয় ঠিক কৰক।
ক্যামেৰাত ক্লিক কৰিলেই ফটো উঠিব।।কেমেৰাৰ সন্মুখত যি আছে কেমেৰাই তাক পাবই। তাকে জানো ভাল ফটোগ্রাফ বোলা যায়!ফটো উঠোৱাৰ আগেয়ে ফটোখন এখন সুনিপুত শিল্পীৰ ছবিৰ লগত তুলনা কৰক। যেনেকৈ এজন শিল্পীয়ে বহু ভাবি চিন্তি এটা বক্তব্য প্রকাশ কৰে। ফটোগ্রাফাৰ হিছাবে আপোনাৰো সেইটোৱেই দায়িত্ব।গতিকে ফটো উঠোৱাৰ আগতে নিজে নিজকে প্রশ্ন কৰক, আপুনি কিহৰ ফটো উঠাবলৈ লৈছে। ইয়াৰ বক্তব্য কি ?
কোনো ব্যক্তিৰ ফটো উঠালে তাৰ পোচাক,
পৰিবেশ,
পোহৰ সেইবিলাক তাৰ সৈতে খাপখোৱা হয়নে নহয় ইত্যাদি।গতিকে ফটো উঠোৱাৰ প্রথম নিয়ম,
চিত্রৰ বক্তব্য ঠিক কৰক। যি ফটোৱেই নুঠাওঁক কিয়,
এবাৰ নিজকে প্রশ্ন কৰক কিহৰ ফটো উঠাইছে। ফটোখনৰ বক্তব্য কি। অন্য কিবা ধৰণে উঠালে ফটোখন আৰু অলপ ভাল হ'লহেতেন নেকি বাৰু ?
দিনৰ অন্য সময়ত,
কিংবা কৃত্রিম পোহৰ ব্যবহাৰ কৰিলে।
ত্রি-তত্ত্ব (rule of three):
ফটো উঠাবৰ সময়ত সাধাৰণ ফটোগ্রাফাৰে দিগন্তৰখা ফটোখনৰ মাজত ৰাখি ফ্রেম কৰে।অর্থাৎ আপোনাৰ সন্মুখত যদি এখন পথাৰ আৰু আকাশ থাকে তেতিয়া আধাখিনি স্থান আকাশৰ বাবে আৰু আধাখিনি পথাৰৰ বাবে সমানে দুভাগ কৰি লয়।কিংবা সমুদ্র আৰু আকাশ থাকে তেনেহলে আধা আকাশ আৰু আধা পানী এই ধৰণে ফটো উঠায়। ইয়াক বহুতে এখন ড্র খেলৰ লগত তুলনা কৰে।কোন বিজয়ী জনা নাযায়। ই কিন্তু ফটোগ্রাফিৰ এটি গুৰুত্বপুর্ন নিয়ম “ৰুল অব থ্রিৰ পৰিপন্থী”।হাজাৰ বছৰ ধৰি এই “ৰুল অব থ্রি” প্রচলিতহৈ আহিছে। নিয়ম হৈছে, বিষয়ৰ গুৰুত্ব অনুযায়ী দুভাগ এজনক আৰু বাকি এভাগ আনজনক দিয়ক ।যদি সমুদ্র গুৰুত্বপুর্ণ তেন্তে দিগন্তৰেখা দুভাগৰ ওপৰত ৰাখক, যদি আকাশ গুৰত্বপুর্ণ হয় তেন্তে আকাশৰ বাবে তিনি ভাগৰ দুভাগ দিয়ক।অনায়সে এখন সুন্দৰ ফটো পোৱা যাব।
মহাশয় ,
ReplyDeleteমই SLR এটা লম ভাবি আছো .. কি মডেল ল'লে ভাল হব .. অনুগ্রহ কৰি জনাব চোন... আপোনাৰ ব্লগৰ পৰা বহুত শিকিলো ধন্যবাদ.
ওপৰৰ 7 নংটো চালে কামত আহিব পাৰে।
Delete