সম্পুর্ণ ফটো তোলক :
আপুনি এখন সুন্দৰ ফুলৰ ফটো উঠাব বিছাৰে। বহুটো ফুলৰ মাজত এটা বিশেষ ফুল আপোনাৰ বাবে গুৰুত্বপুর্ণ।আপুনি কিন্তু ফটোখন উঠোৱাৰ পাছত আপুনি যাকেই ফটোখন দেখুৱাইছিল, তেখেত সকলে কিন্তু সেই ফুলপাহক কোনো গুৰুত্বই নিদিলে।আপুনি লক্ষ্য কৰিলেনে যে আপোনাৰ প্রিয় ফুলটো সকলোৰে বাবে গুৰুত্বহীন হৈ পৰিল। কাৰণ আপুনি ফটোখনেই তেনেকৈ তুলিছে। যদি ফুলৰ ফটো তোলে তেন্তে যিমান পাৰে ওছৰলৈ গৈ ফটো তোলক। এনেকুৱাকৈ তোলক যাতে ফটোখনৰ বেছিঅংশ জুৰি থাকে আপোনাৰ ফুলপাহ। বাকিবোৰ ফুলৰ কাম হ’ব সেই বিশেষ ফুল পাহক ফুটাই তোলা।
ফুল নহৈ যদি কোনো বিশেষ বস্তু ,আনকি কোনো ব্যক্তিৰ বিষয়েও হয় তেতিয়াও এই নিয়মতে ফটো উঠাওক। আপুনি ভাবিৱ পাৰে যে ফটো তোলাৰ পাছত ফটোচপ(Photoshop)ত কাষৰ অলাগতিয়াল বস্তু সমুহ বাদ দিব পাৰি দেখোন! সেইটো নকৰি এনেভাবেই ফটোতোলাৰ অভ্যাস কৰক।ফটোগ্রাফিৰ ক্ষেত্রত এটি বিক্ষ্যাৎ উক্তি হৈছে, “....ফটো বেয়া হৈছে কাৰণ আপুনি যথেষ্ট ওছৰলৈ যোৱা নাই।" গতিকে যিমান পাৰে ওছৰলৈ যাওক,নতুবা লেঞ্চ সলনি কৰক অথবা জুম ব্যৱহাৰ কৰক।
পোর্ট্রেট মুডত ছবি উঠাওক :
সাধাৰণতে অধিকাংশ ফটোৱেই তোলা হয় লেন্ডস্কেপ মুডত, কাষত বেছি ঠাই খালি ৰখি। অথচ কেমেৰাটো ঘুৰাই সেই ফটোখনকেই ঠিয়কৈ উঠাব পাৰি। এজন ঠিয়হৈ থকা ব্যক্তিৰ ফটো লেণ্ডস্কেপ মুডত তুলিলে কাষত বহুটো খালি ঠাই থাকি যায়।অথচ ঠিয়কৈ তুলিলে তাক আৰু সুন্দৰকৈ প্রকাশ কৰিব পৰা যায়। নাপাহৰিব সেই কাৰনেই ইয়াৰ নাম “পোর্ট্রেট মুড”। এখন ফটো কেনেকৈ উঠালে ভাল হ’ব তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই।একেই ফটো যিকোন ভাবেই সুন্দৰ হব পাৰে।
ফ্রেমৰ মাজত ফ্রেম:
প্রিন্ট কৰা ফটো আমি ফ্রেমত বন্ধাই থওঁ, ডিজিটেল ফটোৰ চাৰিওফালে ফ্রেম ব্যৱহাৰ কৰা হয় । ইচ্ছা কৰিলে ফটো তোলাৰ সময়তে কিবা সামগ্রিক ফ্রেম হিছাবে ব্যৱহাৰ কৰিব পাৰি। প্রকৃতি, গছৰ পাত,দেৱালৰ পৰা আৰম্ভ কৰি যি কোনো বস্তুকে ফ্রেম হিছাবে ব্যৱহাৰ কৰি ফটোৰ সৌন্ধয্য বঢ়াই তুলিব পাৰি।
No comments:
Post a Comment