যি কোনো ইলেকট্ৰনিক ডিভাইছ ব্যৱহাৰ কৰোতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। ডিজিটেল কেমেৰাৰ ক্ষেত্ৰতো এনে কিছু নিয়ম মানি চলিব লাগে। কিছু নিয়ম মানি আপুনি আপোনাৰ কেমেৰাটোক দীৰ্ঘদিন ব্যৱহাৰ উপযোগী কৰি ৰাখিব পাৰে।
প্ৰথমে এটা বিষয় স্পষ্টকৈ কৈ থোৱা ভাল যে ডিজিটেল কেমেৰাৰ প্ৰযুক্তি অত্যন্ত উন্নত। কমদামী একোটা ডিজিটেল কেমেৰাৰ দাম সাধাৰণ কম্পিউটাৰ এটাকৈও বেছি। ইয়াৰ পৰাই ধাৰণা কৰিব পাৰি কেমেৰা এটা কিমান যত্ন কৰি তৈয়াৰ কৰা বা নিৰ্মাণ কৰা হয়। সাধাৰণতে কেমেৰা নষ্ট হোৱাৰ কোনো কাৰণ নাই। এটা কেমেৰা এজনে ১০/১৫ বছৰলৈকে অনায়সে ব্যৱহাৰ কৰিব পাৰে। আপুনিও পাৰে, যদি কিছু সাৱধানতা অৱলম্বন কৰে।
১) ব্যৱহাৰ নকৰা অৱস্থাত কেমেৰাৰ বেটাৰী খুলি থওকঃ
আপুনি যদি দীঘলিয়া দিনৰ
বাবে কেমেৰা ব্যৱহাৰ নকৰে, তেন্তে কেমেৰাৰ পৰা
বেটাৰী খুলি থওক। স্বাভাৱিক নিয়মমতেই কেমেৰাৰ বেটাৰীৰ চাৰ্জ কমি থাকে। কেমেৰাৰ
ভিতৰত বেটাৰী সুমুৱাই থলে কেতিয়াবা কেমেৰাৰ ক্ষতি কৰিব পাৰে।
বেটাৰী থওতে সাৱধান হব
যাতে বেটাৰীৰ টাৰমিনাল দুডাল কেতিয়াও কোনো ধাতব পদাৰ্থৰ সংস্পৰ্শলৈ নাহে। ইয়াৰ
বাবে কেমেৰাৰ লগতে প্লাষ্টীকৰ ব্ৰেকেট দিয়ে। যদি নাই, অন্য কিবাৰে মেৰিয়াই থওক।
দীৰ্ঘদিন ব্যৱহাৰ নকৰিলে, সম্পূৰ্ণ চাৰ্জ শেষ হোৱাৰ আগতেই বেটাৰী চাৰ্জ কৰিব লাগে।
২) কেমেৰা সদায় ধুলি-বালি আৰু আদ্ৰতা মুক্ত স্থানত ৰাখিব লাগে।
কেমেৰা সদায় বেগৰ ভিতৰত
থোৱা উচিত।ধূলি-বালি কেমেৰাৰ বাবে অত্যন্ত ক্ষতিকাৰক বস্তু। এচ.এল.আৰ কেমেৰাবোৰত চেঞ্চৰ পৰিস্কাৰ কৰবৰ বাবে মেনেৰ
পৰা কমাণ্ড দিয়াৰ ব্যৱস্থা থাকে। নিয়মিয়াকৈ চেঞ্চৰ পৰিস্কাৰ কৰা উচিত। কেতিয়াবা
প্ৰয়োজন হ’লে লেঞ্চ খুলি পৰিস্কাৰ কাপোৰৰে লেঞ্চ পৰিস্কাৰ
কৰি লোৱা ভাল। ইয়াৰ বাবে বিশেষ ধৰণৰ কাপোৰ কিনিবলৈ পোৱা যায়।
ইলেকট্ৰনিক যন্ত্ৰাংশ
পৰিস্কাৰ কৰিবলৈ বজাৰত একধৰনৰ ক্লীনিংচেট পোৱা যায়। ব্ৰাছ, লিকুইড ইত্যাদিৰ এই চেট ব্যৱহাৰ কৰিব পাৰে। কম্পেক্ট কেমেৰাৰ অৱস্যে লেঞ্চ
খুলিব নোৱাৰি।
৩)প্ৰতিবাৰ ব্যৱহাৰৰ কৰাৰ আগতে মেম’ৰীকাৰ্ড ফৰ্মেট কৰা উচিত:
পুৰ্বৰ ছবি সমুহ কপি
কৰাৰ পাছত নতুন ছবি উঠোৱাৰ আগতে মেম’ৰীকাৰ্ড ফৰ্মেট কৰি লব লাগে। ইয়াৰ পৰা ফটো নষ্ট
হোৱাৰ পৰা ৰক্ষা পৰিব পাৰি। কেমেৰাৰ মেম’ৰী কাৰ্ড কম্পিউটাৰত ফৰ্মেট
নকৰি কেমেৰাৰ মেনুৰ পৰা ফৰ্মেট কমাণ্ড দিব লাগে।
৪)পানীৰ পৰা কেমেৰা দুৰত ৰাখিবঃ
ৱাটাৰপ্ৰুফ কেমেৰাৰ
বাহিৰে সকলো কেমেৰা পানীত নষ্ট হয়। সেয়ে যদি আপোনাৰ কেমেৰা ৱাটাৰপ্ৰুফ নহয়, তেন্তে পানীৰ পৰা দূৰত ৰাখিব। আউটড’ৰ স্বুটিংৰ সময়ত
ৱাটাৰপ্ৰুফ বেগ লগত নিবলৈ নাপাহৰিব। বৰষুণ হ’লে কেমেৰা সদায় বেগত ভৰাই থব লাগে।
৫)লেঞ্চ সাৱধানে ৰাখিব:
লেঞ্চ এখনক মানুহৰ চকুৰ
লগত তুলনা কৰিব পাৰি।হাতৰে লেঞ্চ কেতিয়াও স্পৰ্শ নকৰিব।কাম শেষ হ’লেই নেঞ্চৰ ঢাকনী লগাবলৈ নাপাহৰিব।কেতিয়াবা কিবা দাগ দেখিলে কোমল কাপোৰৰে লাহে
লাহে মচিব।

৬)কেমেৰাৰ বেগ ব্যৱহাৰ:
আপোনাৰ কেমেৰা লগত
নিশ্চয় এটা কেমেৰা-বেগ [Strap] দিছে। ডাঙৰ কেমেৰাৰ বাবে কান্ধত ওলোমাই ল’ব পৰা আৰু সৰু কেমেৰা হ’লে ককালত ল’ব পৰা। এই বেগ সদায় ব্যৱহাৰ কৰিব। নাই যদি এটা নতুন ভাল বেগ কিনি লওক।সদায় ভাল
বেগ ব্যৱহাৰ কৰিব।কেমেৰাৰ বেগ সমুহৰ ভিতৰত কোমল পেড দিয়া থাকে বাবে আঘাট লাগিলেও
কেমেৰা সহজে নষ্ট নহয় বা ই বহুদুৰ আঘাটৰ পৰা বছাব পাৰে।ইয়াৰ উপৰি কেমেৰা,লেঞ্চ, ফ্লাচ আদিৰ বাবে ধুনিয়াকৈ বেগৰ ভিতৰত ভাগ ভাগ
কৰা থাকে বাবেবহু সুবিধা।
কেমেৰাৰ যত্ন লওক, ভাল ফটো উঠাওক।
ফটোগ্ৰাফীৰ অন্যান বিষয় জানিবলৈ তলৰ লিংক সমুহ ক্লীক কৰি চাওক: