১]নিজৰ দুৰ্বলতা বিচাৰি উলিয়াওক:
কি কি
কামত আপুনি পাৰদৰ্শী নহয়, তাৰ এখন তালিকা প্ৰস্তুত কৰক।সেই কামবোৰ এটা এটাকৈ নিজৰ
আয়ত্বলৈ আনিবলৈ চেষ্টা কৰক।এটা কামত পাৰদৰ্শী হৈ উঠিলে পৰৱৰ্তী কামটোৰ অভ্যাস কৰক।
২]ফটোতুলি অসন্তুষ্ট হ'লে ন'হব:
কোনো এখন
ফটোতুলি ভাল ন’হলে তাক বাদ নিদিব।আৰু সময় দিব লাগিব
ফটোখনৰ বাবে।বাৰে বাৰে আকৌ চেষ্টা কৰক ফটোখন তুলিবৰ বাবে।
৩]নিজে নিজে পৰীক্ষা নিৰীক্ষা চলাওক:
কোনো এটা
বিষয়ৰ ফটো কিভাৱে তুলিলে ভাল হয় সেই সিদ্ধান্ত নিজে নিজে লোৱা আৰু সেই ধৰণৰ এটা
পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিব লাগিব।
৪]নতুন নতুন বিষয়ৰ সন্ধান কৰক:
সকলো
সময়তে নতুন বিষয়, প্ৰকৃতিৰ অনুসন্ধান চলাই যাব লাগিব।অনাবিস্কৃত সৌন্ধৰ্যৰ
আবিস্কাৰ কৰিব লাগিব।
৫]ধৰ্য্য ধৰি, সময়লৈ ফটো তোলক:
৬]সৌন্ধৰ্য্যৰ সন্ধান কৰক:
অন্য কোনো
ভাল ফটোগ্ৰাফাৰৰ কৰ্ম্ম, আলোচনী ইত্যাদিৰ পৰা ভিন্নধৰ্মী আইডিয়া আপোনাৰ মগজুলৈ
আহিব পাৰে।যিবোৰ ভাল লাগে সেইবোৰ অনুসৰণ কৰক।নকল নহয়, জ্ঞাণ আহৰণৰ উদ্দ্যেশে এই
কাম কৰক।
৭]বিশেষ বিশেষ আৰু বিখ্যাতলোকৰ ফটোৰ পৰা শিক্ষা লওক।
বিশ্বৰ
বিখ্যাৎ ফটোগ্ৰাফাৰ সকলৰ কৰ্মৰ ধাৰা, নিজস্ব বৈশিষ্ট্যমণ্ডিত কৰ্মাৱলীৰ পৰা বহু
কথা শিকিব পৰা যায়।মনতে ভাবিৱ লাগে যে, “ তেখেতে ইমান সুন্দৰ সুন্দৰ ফটো তুলিছে যেতিয়া, মই কিয়
নোৱাৰিম?”
৮]বাৰে বাৰে ফটো তোলক:
আছলতে
নিজৰ ভুলৰ পৰা আতাইতকৈ সোনকালে শিক্ষা লোৱা সম্ভৱ।সেইবাবে বাৰে বাৰে ফটো তুলি ফটোৰ
কোনবোৰ অংশ বা বিষয় ভাল লগা নাই তাক বিশ্লেষণ কৰি উলিয়াই, আকৌ ফটো তোলোতে তোলোতে
দেখিব আপুনি এদিন সচাকৈ এজন ভাল ফটোগ্ৰাফাৰ হৈ পৰিছে।
৯]ফটোগ্ৰাফী ত্যাগ নকৰিব:
আছল কথা হ’ল ফটোগ্ৰাফাৰ হ’বলৈ যঠেষ্ট সময়ৰ
প্ৰয়োজন হয়।কিছুদিন চেষ্টা কৰাৰ পাছতেই ভাল ফটো তুলিব পৰানাই বুলি ফটোগ্ৰাফী ত্যাগ
কৰিলে ন’হব।ধৰ্যধৰি নিয়মিত অনুশীলনী কৰাই সফলতাৰ চাবি-কাঠি।
১০]যদিহে আপুনি এজন নশিকাৰু তেন্তে আনক পৰামৰ্শ দিবলৈ নাযাব
যদিহে
আপুনি এজন নশিকাৰু তেন্তে আনক পৰামৰ্শ দিবলৈ নাযাব।যদিহে আপুনি এজন প্ৰলেভেল
ফটোগ্ৰাফাৰ, তেন্তে আপুনি আপোনাৰ বহুমূলীয়া অভিজ্ঞতা আনৰ লগত স্বেয়াৰ কৰক।যি
আপোনাৰ সহায় বিচাৰে তেখেতক যি পাৰে সহায় কৰক।