June 12, 2013

ভাল ফটোগ্ৰাফীৰ ১০টা টিপচ।

ভাল ফটোগ্ৰাফাৰৰ বাবে ১০টা টিপচ
ফটোগ্ৰাফীত পাৰদৰ্শিতা অৰ্জনৰ বাবে বহু কথাই শিকিব লগা হয়।কিতাপ পঢ়ি, ইন্টাৰনেট, ভাল ফটোগ্ৰাফাৰৰ কৰ্ম চাইও বহু কথা শিকিব পাৰি।ফটোগ্ৰাফীত দক্ষতা অৰ্জন কৰাৰ কিছু টিপচ সম্পৰ্কে ইয়াত আলোচনা কৰিব ওলাইছো।এইবোৰ মোৰ মৌলিক লিখনি নহয় বা ফটোগ্ৰাফী সম্পৰ্কে জ্ঞাণ দিবলৈ মোৰ সাহসো নাই।ভিভিন্নজনৰ পৰামৰ্শ সমুহ মাত্ৰ মই গোটাই ৰাইজলৈ অসমীয়াত আগবঢ়াই দিছো।


১]নিজৰ দুৰ্বলতা বিচাৰি উলিয়াওক:
কি কি কামত আপুনি পাৰদৰ্শী নহয়, তাৰ এখন তালিকা প্ৰস্তুত কৰক।সেই কামবোৰ এটা এটাকৈ নিজৰ আয়ত্বলৈ আনিবলৈ চেষ্টা কৰক।এটা কামত পাৰদৰ্শী হৈ উঠিলে পৰৱৰ্তী কামটোৰ অভ্যাস কৰক।


২]ফটোতুলি অসন্তুষ্ট হ'লে ন'হব:
কোনো এখন ফটোতুলি ভাল ন’হলে তাক বাদ নিদিব।আৰু সময় দিব লাগিব ফটোখনৰ বাবে।বাৰে বাৰে আকৌ চেষ্টা কৰক ফটোখন তুলিবৰ বাবে।

৩]নিজে নিজে পৰীক্ষা নিৰীক্ষা চলাওক:

কোনো এটা বিষয়ৰ ফটো কিভাৱে তুলিলে ভাল হয় সেই সিদ্ধান্ত নিজে নিজে লোৱা আৰু সেই ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিব লাগিব।

৪]নতুন নতুন বিষয়ৰ সন্ধান কৰক:
সকলো সময়তে নতুন বিষয়, প্ৰকৃতিৰ অনুসন্ধান চলাই যাব লাগিব।অনাবিস্কৃত সৌন্ধৰ্যৰ আবিস্কাৰ কৰিব লাগিব।
৫]ধৰ্য্য ধৰি, সময়লৈ ফটো তোলক:

ফটাফট ফটো তোলাৰ সলনি কিছু সময়লৈ ফটো তোলক।এখন ফটো এবাৰ নহয় কেইবা বাৰো তোলক। দেখিব আপুনি ভাল ফল লাভ কৰিছে।
৬]সৌন্ধৰ্য্যৰ সন্ধান কৰক:
অন্য কোনো ভাল ফটোগ্ৰাফাৰৰ কৰ্ম্ম, আলোচনী ইত্যাদিৰ পৰা ভিন্নধৰ্মী আইডিয়া আপোনাৰ মগজুলৈ আহিব পাৰে।যিবোৰ ভাল লাগে সেইবোৰ অনুসৰণ কৰক।নকল নহয়, জ্ঞাণ আহৰণৰ উদ্দ্যেশে এই কাম কৰক।
৭]বিশেষ বিশেষ আৰু বিখ্যাতলোকৰ ফটোৰ পৰা শিক্ষা লওক।


বিশ্বৰ বিখ্যাৎ ফটোগ্ৰাফাৰ সকলৰ কৰ্মৰ ধাৰা, নিজস্ব বৈশিষ্ট্যমণ্ডিত কৰ্মাৱলীৰ পৰা বহু কথা শিকিব পৰা যায়।মনতে ভাবিৱ লাগে যে,    “ তেখেতে ইমান সুন্দৰ সুন্দৰ ফটো তুলিছে যেতিয়া, মই কিয় নোৱাৰিম?”

৮]বাৰে বাৰে ফটো তোলক:
আছলতে নিজৰ ভুলৰ পৰা আতাইতকৈ সোনকালে শিক্ষা লোৱা সম্ভৱ।সেইবাবে বাৰে বাৰে ফটো তুলি ফটোৰ কোনবোৰ অংশ বা বিষয় ভাল লগা নাই তাক বিশ্লেষণ কৰি উলিয়াই, আকৌ ফটো তোলোতে তোলোতে দেখিব আপুনি এদিন সচাকৈ এজন ভাল ফটোগ্ৰাফাৰ হৈ পৰিছে।
৯]ফটোগ্ৰাফী ত্যাগ নকৰিব:
আছল কথা হ’ল ফটোগ্ৰাফাৰ হ’বলৈ যঠেষ্ট সময়ৰ প্ৰয়োজন হয়।কিছুদিন চেষ্টা কৰাৰ পাছতেই ভাল ফটো তুলিব পৰানাই বুলি ফটোগ্ৰাফী ত্যাগ কৰিলে ন’হব।ধৰ্যধৰি নিয়মিত অনুশীলনী কৰাই সফলতাৰ চাবি-কাঠি।

১০]যদিহে আপুনি এজন নশিকাৰু তেন্তে আনক পৰামৰ্শ দিবলৈ নাযাব

যদিহে আপুনি এজন নশিকাৰু তেন্তে আনক পৰামৰ্শ দিবলৈ নাযাব।যদিহে আপুনি এজন প্ৰলেভেল ফটোগ্ৰাফাৰ, তেন্তে আপুনি আপোনাৰ বহুমূলীয়া অভিজ্ঞতা আনৰ লগত স্বেয়াৰ কৰক।যি আপোনাৰ সহায় বিচাৰে তেখেতক যি পাৰে সহায় কৰক।


জাহ্নৱী: অসমীয়া বানান পৰীক্ষক আৰু দ্ৰুত লিখন সঁজুলী।




June 7, 2013

ফটোগ্ৰাফী শিক্ষা ----৫ [ISO]

আই.এচ.অ’(ISO)
     আই.এচ.অ’ হ’ল ফ্লীম বা চেঞ্চৰ কিমান আলোক সংবেদী বা Light Sensitive ।সাধাৰণতে আপোনাৰ মনত প্ৰশ্ন জাগ্ৰত হয় যে এটা কেমাৰাৰ ৰীল যদি বেছি আলোক সংবেদী হয় তেতিয়ানো কি হয়?উত্তৰটো হ’ল ই কম পোহৰতে পোহৰৰ লগত বিক্ৰিয়া ঘটাব পাৰে।
আৰু যদি কম আলোক সংবেদী হয় তেন্তে কি হ’ব?উত্তৰ হ’ল ইয়াত আলোক সংবেদন ঘটাবলৈ বহু বেছি পোহৰ, বেছি সময়ধৰি পেলাব লাগিব।
আশাকৰো সময় আৰু পৰিমান কিহৰ সহায়ত নিয়ন্ত্ৰন কৰা হয় সেই বিষয়ে আপোনালোক জ্ঞাত।


কোনোবা এজনে এই ‘আলোক সংবেদী’ বিষয়টো বুজাবলৈ এটা বৰ সুন্দৰ উপমা দিছিল।[কোনে দিছিল মই কিন্তু নামটো পাহৰিলো।]ধৰক আপুনাৰ কাষলটিৰ তলত আঙুলী সুমুৱাই আপোনাক কোনোবাই কুটকুটাই দিলে।আপুনি এতিয়া হাঁহিত থাকিব পৰা নাই।এতিয়া ধৰক আপুনি এটা গঁড় [বা মন্ত্ৰী হ’লেও চলে J]ক কুটকুটাই দিলে, কিন্তু গঁড়ৰৰ কোনো খা-খবৰেই নাই। গঁড়ৰ ডাঠ চালৰ বাবে একো অনুভৱেই নকৰে।এতিয়া আমি ক’ব পাৰো আপুনি বেছি ‘কুটকুটনি’ সংবেদী কিন্তু গঁড় বহু কম ‘কুটকুটনি’ সংবেদী।

যি নহওক,আকৌ আই.এচ.অ’লৈ ঘুৰি আহো।ফ্লীম কেমেৰাৰ ক্ষেত্ৰত, চাটাৰস্পীড আৰু এপাৰেচাৰ কেমেৰাৰ সম্পত্তি হলেও আই.এচ.অ’ কিন্তু কেমেৰাৰ ৰীল অৰ্থাৎ ফ্লীমৰ সম্পত্তি।ৰীল এটা কিনাৰ সময়ত নিশ্বয় শুনিছে ১০০পাৱাৰৰ ৰীল, ২০০ পাৱাৰৰ ৰীল।ৰীলৰ ওপৰতে এইটো লিখা থাকে।ডিজিটেল কেমেৰাৰ ক্ষেত্ৰতো একেই কথা, মাত্ৰ ৰীলৰ সহানত কেমেৰাৰ চেঞ্চৰ।এই ১০০ বা ২০০ হ’ল সেই ৰীলটোৰ আই.এচ.অ’।আই.এচ.অ’ৰ মান হ’ব পাৰে ধৰক এনে ধৰণৰ: ১০০,২০০,৪০০,৮০০.১৬০০... ইত্যাদি।মন কৰিব চাটাৰ স্পীড আৰু এপাৰেচাৰৰ দৰে দুগুণ হোৱাৰ কথাটো ইয়াতো আছে।

আই.এচ.অ’ ১০০ মানে কম আলোক সংবেদী আৰু ৮০০ মানে বেছি আলোক সংবেদী। য’ত বেছি পোহৰ থাকে[ধৰক, বিয়াঘৰ বা দিনত ৰ’দৰ পোহৰত]তাত আমাৰ বেছি আলোক সংবেদনৰ প্ৰয়োজন নাই।গতিকে আই.এচ.অ’ ১০০ বা ২০০ ব্যৱহাৰ কৰো।আকৌ ধৰক ৰাতিৰ অন্ধকাৰত জ্বলিথকা মম এডালৰ ফটো উঠাবলৈ ৮০০ বা ১৬০০ আই.এচ.অ’ৰ প্ৰয়োজন হয়।
 

আই.এচ.অ’ বঢ়োৱাৰ অসুবিধাও আছে।ঝামেলাটো হ’ল আই.এচ.অ’ যিমান বঢ়োৱা হয় ফটোত gain বা noise বেছি অহিব।গতিকে অই.এচ.অ’ বঢ়োৱাৰ ক্ষেত্ৰত কিছু সাৱধান.... !!

আজিলৈ ইমানতে সামৰিলো।মোৰ আগৰ প’ষ্ট সমুহ পঢ়ি যি সকলে ভাল পোৱা বুলি জনাইছিল, তেখেত সকলৰ অনুপ্ৰেৰণাতে এই লিখনি লিখিবলৈ সাহস পালো।


বি:দ্ৰ:এই প’ষ্ট মোৰ মৌলিক লিখনিৰ নহয়।ইন্টাৰনেটৰ পৰা সংগ্ৰহৃত তথ্যৰ অনুবাদহে।
সকলোলৈকে ধন্যবাদ।


May 31, 2013

ফটোগ্ৰাফী শিক্ষা- ৪ [চাটাৰ স্পিড]


           চাটাৰ স্পিড(Shutter Speed)

              


আজি ক’বলৈ ওলাইছো চাটাৰ স্পিডৰ বিষয়ে।ইতিমধ্যে আগৰ প’ষ্টত উল্লেখ কৰিছোৱেই যে কেমেৰাৰ পোহৰ নিয়ন্ত্ৰন কৰা সমলৰ ভিতৰত অন্যতম হ’ল “চাটাৰ স্পিড”।

চাটাৰ স্পিড কি ?

সহজ ভাষাত, আপোনাৰ ঘৰত খিৰীকি আছে নহয় ?সেই খিৰিকিত পৰ্দা আছে নিশ্চয়।এপাৰেচাৰ যদি খিৰিকিৰ চাইজ হয়, তেন্তে চাটাৰ হ’ল এই খিৰিকিখনৰ পৰ্দা।এতিয়া কেমেৰাৰ লেঞ্চৰ ভিতৰেদি পোহৰ আহি এপাৰেচাৰৰ মাজেদি পাৰহৈ গৈ এই পোহৰ কেমেৰাৰ ভিতৰত কিমান সময় থাকিব তাক নিয়ন্ত্ৰন কৰে এই চাটাৰ স্পিডে।এইটো কথা সকলোৱে বুজি পাই নিশ্চয় যে খিৰিকিৰ পৰ্দাখন অলপ সময় ডাঙি থলে কম সময়ৰ বাবে পোহৰ কোঠাৰ ভিতৰলৈ আহিব।অন্যহাতে যদি কোঠাৰ পৰ্দাখন দিনটো ডাঙি থৈদিয়া যায়, তেন্তে দিনতো পোহৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰিব, অৰ্থাৎ বেছি সময়ধৰি পোহৰ সোমাব।উদাহৰণটো ঠিক দিছোনে ? J

                     :চাটাৰ স্পিডৰ একক:


চাটাৰ স্পিডৰ একক হ’ল চেকেন্ড। যদি চাটাৰ স্পিড ¼ sec বুলি কওঁ তেন্তে বুজিব লাগিব পোহৰ একচেকেণ্ডৰ চাৰি ভাগৰ এভাগ সময় কেমেৰাৰ চেঞ্চৰ বা ৰীলৰ ওপৰত পৰিব।যদি চাটাৰ স্পিড 1/60 sec বুলি কওঁ তেন্তে বুজিব লাগিব পোহৰ চেঞ্চৰ বা ৰীলৰ ওপৰত এক চেকেণ্ডৰ ষাঠি ভাগৰ এভাগ সময় পৰিব।
একোটা কেমেৰাৰ চাটাৰ স্পিডবোৰ সাধাৰনতে তলত দিয়া ধৰনৰঃ

1/8000 s
1/4000 s
1/2000 s
1/1000 s
1/500 s
1/250 s
1/125 s
1/60 s
1/30 s
1/15 s
1/8 s
1/4 s
1/2 s
1 s
2 s
4 s
8 s
B – এইটোৰ অৰ্থ বাল্ব।এইটো চিলেক্ট কৰিলে, যিমান সময় ক্লীক বুটাম টিপি ৰখা হ’ব সিমান সময় চাটাৰ বন্ধ নহয়।
 ওপৰৰ কথাটোত অকনমান মন কৰিলে দেখিব ওপৰলৈ বা তললৈ যাওতে চাটাৰ স্পিড হয় দুগুণ হৈছে অথবা আধা হৈছে।যেনে ১/২ চেকেণ্ডৰ পৰা বাঢ়িলে হয় ১ আৰু কমিলে হয় ১/৪ । এই আধা হোৱা বা দুগুণহোৱা খেলাটো এপাৰেচাৰতো আহে। J J J ভালকৈ মনত পেলাওক।আকৌ যেতিয়া ISO ৰ বিষয়ে ক’ম তেতিয়া দেখিব তাতো সেই একেই খেলা। J L

চাটাৰ স্পিড কম বা বেছি কৰি ফটোত বহু খেলা কৰিব পাৰি।ধৰক গুৱাহাটি চহৰৰ ব্যস্ত ৰাস্তা এটাৰ ফটো যদি আপুনি শ্ল-চাটাৰ স্পিডত তোলে তেন্তে গাড়ীবিলাকৰ হে’ড লাইট আৰু বেকলাইটৰ এটা দীঘল বগা আৰু ৰঙা ৰঙৰ ৰেখাৰ দৰে সৃষ্টি হৈছে।[এনে বহু সুন্দৰ ছবি মোৰ বন্ধু বিক্ৰমজিৎ ৰ Profile প্ৰফাইলত চাবলৈ পাব। মই নিজে আজিলৈ তেনে এখন ভাল ফটো উঠাব পৰা নাইLL।বিক্ৰমজিৎ কাকতিৰ ফটো চাওক:]
আকৌ যদি চাটাৰ স্পিড বঢ়াই ,ধৰক 1/200 sec ত কোনো জলপ্ৰপাতৰ ফটো উঠাও তেন্তে তাৰ বৈ অহা পানীখিনি বৰফ যেন দেখা যাব। ধৰক এনেধৰণৰঃ

[কেমেৰাটোলৈ জলপ্ৰপাতৰ ওছৰ নাপালোগৈ। গতিকে নদীৰ বুকুত বঠাৰ চাবৰ ফটোকে দিলো। উপাই নাই। কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি । :)]
তেতিয়া হ’লে এতিয়ালৈকে আমি গমপালো যে এপাৰেচাৰৰ সহায়ত পোহৰৰ পৰিমান নিয়ন্ত্ৰন কৰা হয়, আৰু এই পোহৰ কিমান সময় চেঞ্চৰ বা ৰীলৰ ওপৰত পৰিব সেইটো নিয়ন্ত্ৰন কৰা হয় চাটাৰ স্পিড কন্ট্ৰল কৰি।
অহা প’ষ্টত ISO সম্পৰ্কে লিখিম বুলি আশা ৰাখিলো।    

পুৰণা প'ষ্ট চাবলৈ লিংক:
               ।হেপ্পী ফটোগ্ৰাফী।




May 29, 2013

ফটোগ্ৰাফী শিক্ষা-৩ [এপাৰেচাৰ]

Aperature    

  ইয়াৰ আগৰ প’ষ্টত এক্সপ’জাৰ কি সেই বিষয়ে উল্লেখ কৰিছিলো।এক্সপ’জাৰ নিয়ন্ত্ৰন কৰা হয় তিনিটা বস্তুৰ সহায়ত: এপাৰেচাৰ(Aperature),চাটাৰ স্পীড(Shutter Speed) আৰু আই.এচ.অ’(ISO)। এই তিনিটাৰ মাজৰ 'এপাৰেচাৰ'ৰ বিষয়ে আজি ক’বলৈ ওলাইছো।


এপাৰেচাৰ(Aperture)

এপাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ কি হ’ব নাজানো।গতিকে এই লিখনিত এপাৰেচাৰ বুলিয়েই ব্যৱহাৰ কৰিম। ঠিক আছে ? এপাৰেচাৰ মানে ধৰক ফুটা।কেমেৰাৰ লেঞ্চখনৰ ঠিক কাষতে থাকে কিছুমান অইনাৰ যন্ত্ৰপাতি(Glass Elements)।তাৰ ঠিক পিছতেই থাকে ‘এপাৰেচাৰ’।এপাৰেচাৰ যিমান ডাঙৰ হ’ব মানে ফুটাটো যিমান ডাঙৰ হ’ব, কেমেৰাৰ ভিতৰত সিমানেই বেছি পোহৰ সোমাব।আৰু এপাৰেচাৰ সৰু হ’লে পোহৰ কম সোমাব।অৰ্থাৎ কেমাৰাৰ ভিতৰত কিমান পৰিমানৰ পোহৰ সোমাব তাক নিয়ন্ত্ৰন কৰিব পাৰো এই ‘এপাৰেচাৰ’ৰ সহায়ত।


কিন্তু মনকৰিব লগা কথা যে কেমেৰাবোৰত এটা গণ্ডগোলীয়া কথা আছে।জমনি কথাটো হ’ল, এপাৰেচাৰ বুজাবলৈ যি Value বা সংখ্যা কেমেৰা বোৰত দিয়া থাকে, তাৰ লগত ফুটাৰ আকাৰৰ সম্পৰ্ক সম্পূৰ্ণ ওলোটা।মানে এপাৰেচাৰৰ সংখ্যা যিমান বঢ়োৱা হ’ব ফুটাৰ আকাৰ সিমান সৰু হ’য় আৰু এপাৰেচাৰৰ সংখ্যা যিমান সৰু হ’ব, ফুটাৰ আকাৰ সিমান ডাঙৰ হয়। জমনী নহয়নে ?
   এপাৰেচাৰ কম বা বেছি কৰি ফটোত বহু খেলা কৰিব পৰা যায়।যিটোক কোৱা হয় “ডেপথ্‌ অফ ফিল্ড” (Depth of Field)। চমুকৈ যাক কোৱা হয় DOF।আজি অৱশ্যে DOF ৰ বিষয়ে বাখ্যা নকৰো।পৰৱৰ্তী প’ষ্টত কেতিয়াবা এই বিষয়ে ক’ম।
  এইখিনিতে এজন বিখ্যাত ফটোগ্ৰাফাৰৰ উক্তি উল্লেখ কৰা ভাল হ’ব।তেখেতে কৈছে: “এটা সহজ উদাহৰণ দিও।ধৰক আপোনাক এটি সুক্ষ্ম বস্তু আঁকিবলৈ দিয়া হৈছে।আপোনাৰ সন্মুখত মোটা আৰু মিহি দুইবিধ তুলিকা আছে।আপুনি বস্তুটো অঁকাৰ সময়ত কোনবিধ তুলিকা ব্যৱহাৰ কৰিব ? নিশ্চয় মিহিডাল।কিয়নো মোটা তুলিকাৰে আঁকিলে ৱংবোৰ বিয়পি যাব, সুক্ষ্মভাৰে ছবিখন অঁকা সম্ভব নহব।গতিকে কোনো ফটোৰ চাৰ্পনেচ বা তিক্ষ্ণতাৰ বাবে ফুটাটো যিমান সৰু হব পোহৰ সিমান তিক্ষ্ণ হব আৰু ফটো সিমান সুক্ষ্ম হব।“

       এপাৰেচাৰৰ সুচক হ’ল f. বহু সময়ত f.ৰ পিছত /চিহ্নও দিয়া থাকে।আকৌ মনত পেলাই দিছো f যিমান সৰু হয় ফুটা সিমান ডাঙৰহয়।f.ৰ  ভেলু কি কি হয় লগত দিয়া ফটোখনৰ পৰা নিশ্বয় অনুমান কৰিব পাৰিব।


আজিলৈ ইমানতে সামৰিলো। পৰৱৰ্তী প’ষ্টত নতুন কিছু আলোচনাৰ আশাৰে “হেপ্পী ফটোগ্ৰাফী”। 

পুৰণা প'ষ্টৰ লিংক:

  1. ফটোগ্ৰাফীৰ প্ৰথম কথাঃ
  2. ফটোগ্রাফী শিক্ষা--১
  3. ফটোগ্রাফী শিক্ষা--২
  4. ফটোগ্ৰাফী শিক্ষা- ৪ [চাটাৰ স্পিড]
  5. আই.এচ.অ'(ISO)
  6.  







ফটোগ্ৰাফীৰ প্ৰথম কথাঃ

ফটোগ্ৰাফীৰ প্ৰথম কথা হ’ল নিয়ম ভঙা।কিন্তু এটা প্ৰচলিত নিয়ম ভাঙি তাৰ স্থানত এক নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ আগতে আমি জানিব লাগিব নিয়মটোনো কি।নহলে নিয়ম ভঙ্গ কৰাটো থিক যুক্তিপূৰ্ণ নহবL।
এই লিখনিৰ উদ্দেশ্য কিন্তু সেইটোৱেই।যি সকলে ফটো তুলি মনৰ ভিতৰত এক অনাবিল আনন্দ উপভোগ কৰে সেই সকলে আৰু কেনেকৈ এই আনন্দ বৃদ্ধি কৰিব পাৰে তাৰেই কৌশল কিছুমানৰ লগত পৰিচয় কৰি দিয়া।আপাতত আপোনাৰ হাতত কেমেৰা আছে নে নাই সেই বিষয়ে চিন্তা নকৰিব। বৰ্তমান যিখিনি কথা কবলৈ ওলাইছো সেইখিনি বুজিবলৈ জীৱনত কোনোদিন কেমেৰা নেদেখিলেও হ’ব।কেমেৰা নাথাকিলেও আপুনি এইখিনি কথা বুজি পাব। তেন্তে আহক আমি কেমেৰাৰ বা ফটোগ্ৰাফীৰ নিয়মৰ জগতত ভৰি দিও।



এক্সপ’জাৰ (Exposure)  

         
ফটোগ্ৰাফীৰ জীৱনত প্ৰথম আৰু শেষ পৰ্য়ন্ত এই শব্দটো আপুনি অসংখ্যবাৰ শুণিব লাগিব। ফটো কি ? ই হ’ল এটা পোহৰৰ খেল। সেয়ে আমি ইয়াক অসমীয়াত নাম দিছো বা সততে ব্যৱহাৰ কৰো “আলোকচিত্ৰ” বুলি।পুৰণিদিনত যেতিয়া ফ্লীমকেমেৰা আছিল তেতিয়া পদ্ধতিটো আছিল এনেধৰণৰ, পোহৰ যেতিয়া বিষয়বস্তুৰ ওপৰত পৰি প্ৰতিফলিতহৈ ফ্লিমৰ অৰ্থাৎ ৰীলৰ ইমালচনৰ ওপৰত পৰে আৰু তেতিয়া তাৰ ওপৰত ‘আলোক সংবেদী এটা বিক্ৰিয়া ঘটে। আৰু ইয়াৰ ফলত যিটো উৎপন্ন হয় তাক আমি ফটো বুলি কওঁ।আৰু ৰীলটো পোহৰৰ সংস্পৰ্শত অহাটোক আমি কওঁ ‘ৰীলটো পোহৰত এক্সপ’জ হ’ল’।
 ডিজিটেল কেমেৰাত যিহেতু ফ্লীম অৰ্থাৎ ৰীলৰ ব্যৱস্থা নাই, সেই কাৰণে ইয়াত এক্সপ’জাৰ হোৱাৰ অৰ্থ হ’ল কেমেৰাৰ চেঞ্চৰৰ ওপৰত পোহৰ পৰা।এই কেমেৰাৰ চেঞ্চৰ বা ৰীলৰ ওপৰত পোহৰপৰাটো যদি ‘এক্সপ’জাৰ’ বুলি কওঁ তেন্তে এই পোহৰ বা আলোক নিয়ন্ত্ৰন কৰাৰ কাইদাটোৱেই হ’ব “এক্সপ’জাৰ কণ্ট্ৰল”।পোহৰ যদি বেছি পৰে তেন্তে ‘অভাৰ এক্সপ’জা’ আৰু প্ৰয়োজনতকৈ কম পৰিলে ‘আণ্ডাৰ এক্সপ’জাৰ’।
ফটোএখন অভাৰ এক্সপ’জাৰ হ’লে ফটোখন বগা বগা বা ধোৱাকোঁৱা দেখো আৰু আণ্ডাৰ-এক্সপ’জাৰ হ’লে আন্ধাৰ মুন্ধাৰ দেখো।

এক্সপ’জাৰ কন্ট্ৰল কৰা হয় তিনিটা বস্তুৰ সহায়ত। সেইকেইটা হ’ল:এপাৰেচাৰ(Aperture), চাটাৰ স্পিড(Shutter Speed)  আৰু আই.এচ.অ (ISO)
 
আজিলৈ ইমানতে এৰিলো।পৰৱৰ্তী প’ষ্টত এই তিনিটা বিষয় বস্তুৰ ওপৰত আলোচনা কৰা হব।
ধন্যবাদ।
পুৰণা প'ষ্ট চাবলৈ ক্লীক তলৰ লিংকত কৰক