June 17, 2014

কেমেৰা কিনিব নেকি ?

       
  বৰ্তমান সময়ত ফটোগ্ৰাফী এটা নিচাৰ লগতে পেচা হিছাপেও বেচ জনপ্ৰিয় ঘৰৰ ভিতৰত অনুস্থিত বিভিন্ন অনুস্থান বা বাহিৰত পিকনিক, সাংস্কৃতিক অনুষ্ঠান ইত্যাদিত ফটো তোলাতো এতিয়া যেন অপৰিহাৰ্য্য হৈ পৰিছে বহু সময়ত হাতত থকা মোবাইল ফোনটোৱেও কেমাৰাৰ চাহিদা পুৰণ কৰিব লগা হৈছে এনেবোৰ কাৰণতে এটা কেমেৰাৰ প্ৰয়োজন অনুভব হয় বহুতৰে কিন্তু ইয়াতে এটা সমস্যাই দেখা দিয়ে বজাৰত পোৱা বহুতো সুন্দৰ সুন্দৰ কেমেৰাৰ মাজৰ পৰা এটা কেমেৰা নিৰ্বাচন কৰি পচন্দ কৰা সচাকৈ ই এক মূৰৰ কামোৰনি
কি কেমেৰা কিনিব:

সাধাৰণতে বজাৰত যি বোৰ কেমেৰা পোৱা যায়, সেই সমূহ প্ৰধানকৈ দুই ধৰণৰ এবিধ "পইন্ট এণ্ড চুট" আৰু আনবিধ হৈছে " DSLR" [ Digital Single Lens reflection ]ইয়াৰ ভিতৰত কিন্তু "পইন্ট এণ্ড চুট" কেমেৰা বেছি জনপ্ৰিয় এটা সময়ত এনে কেমেৰাৰ যথেষ্ট দাম আছিল বৰ্তমান এনে কেমেৰাৰ দাম হ্ৰাস হৈ মধ্যবিত্তৰ বাজেটৰ ভিতৰত হৈছেগৈ বিশ্বৰ আগশাৰীৰ নামি দামী কেমেৰা নিৰ্মাতাৰ একোটা কেমেৰা বৰ্তমান ৫/৬ হেজাৰ টকাত পোৱা যায় এনে কেমেৰাৰে বৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত নোহোৱাকৈ ভাল ফটো তুলিব পৰা যায় দক্ষ ফটোগ্ৰাফাৰে অৱশ্যে ডিজিটেল এচ.এল.আৰ কেমেৰাকেই পচন্দ কৰে, কাৰণ এনে কেমেৰাৰে নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ বেছি "পইন্ট এণ্ড চুট" কেমেৰা মূলতঃ সাধাৰণ ব্যৱহাৰকাৰী বা যাক আমি "এমেচাৰ ফটোগ্ৰাফাৰ" বুলি কওঁ, তেখেত সকলেই বেছি ব্যৱহাৰ কৰে "পইন্ট এণ্ড চুট" কেমেৰাত প্ৰায় সকলো ফটোগ্ৰাফীক চেটিংচেই কেমেৰাৰ নিজৰ মেমৰীৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰিব পৰা যায়অৰ্থাৎ ফ'কাছ  এক্সপ'জাৰ টাইম, চাটাৰ স্পীড, এপাৰেচাৰ, আই.এচ.'[ISO], ইত্যাদি বিষয় বিলাক কেমেৰাই নিজেই নিয়ন্ত্ৰণ কৰে গতিকে ব্যৱহাৰকাৰীয়ে এইবোৰ বিষয়ত পাৰদৰ্শী নহ'লেও চলে অন্যহাতেদি এচ.এল.আৰ কেমেৰাত এই সকলোবোৰ মেনুৱেলি চেট কৰাৰ সুবিধা আছে কিন্তু তথাপিতো বহুতে এস.এল.আৰ কেমেৰাতো অট''কাছ ব্যৱহাৰ কৰে কাৰণ অট''কাছ ব্যৱস্থা বৰ্তমানৰ কেমেৰা সমুহত ইমানেই উন্নত যে বহু ফটোগ্ৰাফাৰে নিজতকৈও বেছি "অট''কাছ"ৰ ওপৰত বেছি ভৰসা কৰে
আকৌ বহুতো "পইন্ট এণ্ড চুট" কেমেৰাত মেনুৱেল চেটিংচ অপচন থাকে কিছুমান চেমিএচ.এল.আৰ কেমেৰাত ৰিংফ'কাছ সহ প্ৰায় সকলো অপচনেই থাকে এনে কেমেৰা ন-শিকাৰু সকলৰ বাবে বৰ উপযোগী

বৰ্তমান গুৱাহাটীকে আদিকৰি অসমৰ প্ৰধান চহৰ কেইখনত পৃথিবীৰ প্ৰায় সকলো বিখ্যাত নিৰ্মাতাৰ কেমেৰা পোৱা যায় যেনেঃ নাইকন[Nikon], কেনন, চনী, কোডাক, অলীম্পাচ, চেমচাং ইত্যাদি কেননৰ দুই ধৰণৰ পইন্ট এণ্ড চুট কেমেৰা পোৱা যায় এবিধ 'পাৱাৰস্বট'[Power Shot] চিৰিজ আৰু আনবিধ হৈছে ইকচাচ[IXUS] চিৰিজৰ ২য় বিধ আল্ট্ৰা শ্লিম ডিজাইনৰ আৰু দামটো ১ম বিধতকৈ অলপ বেছি তাৰোপৰি আছে বিশ্ব বিখ্যাত ডি.এচ.এল.আৰ ইঅএচ[DSLR EOS] চিৰিজৰ কেমেৰা .এস.এল.আৰ কেমেৰাৰ ক্ষেত্ৰত কেননৰ মুল প্ৰতিদ্বন্দ্বী হৈছে নাইকন অৱশ্যে "পইন্ট এণ্ড চুট" কেমেৰাৰ ক্ষেত্ৰত নাইকন আৰু চনী উভয়ৰে সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছেগৈ চেমি এচ.এল.আৰ লেভেলৰ কেমেৰাৰ ভিতৰত চনী, কোডাক আৰু পেনাচনীকৰ বিভিন্ন মডেল পোৱা যায় চনীৰ "পইন্ট এণ্ড চুট" কেমেৰা হৈছে চাইবাৰ স্বট চিৰিজৰএই কেমেৰাও বিশ্ব ব্যাপি জনপ্ৰিয়চনীৰ কেমেৰাত ব্যৱহৃত হয় বিশ্ব বিখ্যাত লেঞ্চ নিৰ্মাতা কাৰ্ল জেইচৰ দ্বাৰা নিৰ্মান কৰা লেঞ্চচনীৰ ডি.এচ.এল.আৰ চিৰিজৰ কেমেৰাৰ নাম হল আলফা ডি.এচ.এল.আৰ
বৰ্তমান সময়ত অৱস্যে সকলোৱে একমুখে স্বীকাৰ কৰে যে, ডি.এচ.এল.আৰ চিৰিজৰ কেমাৰাৰ প্ৰতিস্থিত দুটা ব্ৰেণ্ড হল কেনেন আৰু নাইকনআৰু এটা কথা মন কৰিব যে নাইকন কেমেৰাৰ লেঞ্চৰ দাম কেননৰ তুলনাত কমতথাপিও ফটোগ্ৰাফাৰ সকলৰ ১নং পচন্দ হৈছেকেনন
"পইন্ট এণ্ড চুট"
কেনন পাৱাৰ চুট- A480
10 মেগাপিক্সেল 2.5`` এল.চি.ডি 3.3 এক্স অপটিকেল ঝুম, 9পইন্ট অটো ফকাছ, ডিজিক 3 ইমেজ প্ৰছেছৰ, লাইভ ভি্উ অটকাছ
দামঃ- প্ৰায় ন হাজাৰ টকা
কেনন পাৱাৰ স্বট জি-10

14.7 মেগাপিক্সেল, 3’’ এল.চি.ডি, 5 এক্স অপ্টিকেল ঝুম, 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ
দামঃ-38 হাজাৰ টকা
কেনন ইকচাচ 95 আই এচ
10মেগাপিক্সেল, 2.5” এল.চি.ডি, 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ3 এক্স অপটিকেল ঝুম
দামঃ- 16 হাজাৰ 500 টকা 
কেনন ইকচাচ 100 আই এচ
12.1 মেগাপিক্সেল, 2.5” এল.চি.ডি, 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ3 এক্স অপটিকেল ঝুম
দামঃ-22 হাজাৰ টকা
কেনন ইকচাচ 980 আই এচ
14.7 মেগাপিক্সেল, 2.5” এল.চি.ডি, 3.7 এক্স অপটিকেল ঝুম 9 পইন্ট অটোফকাছ, ডিজিক 4 ইমেজ প্ৰচেছৰ, লাইভ ভিউ উইথ অটোফকাছ
দামঃ- 29 হাজাৰ টকা
নাইকন এল 19
8.0 মেগাপিক্সেল, 2.7” এল.চি.ডি, 3.6 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 11 হাজাৰ টকা
নাইকন এল-20
10.0 মেগাপিক্সেল, 3” এল.চি.ডি, 3.6 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 12 হাজাৰ টকা

চনী চাইবাৰ স্বট এইচ-10 [ চেমি এচ.এল.আৰ]
8.1 মেগাপিক্সেল, 3” এল.চি.ডি, 10 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 18,500 টকা

চনী চাইবাৰ স্বট W-220
12.1 মেগাপিক্সেল, 2.7” এল.চি.ডি, 4 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 15000 টকা

চনী চাইবাৰ স্বট টি-90
12 মেগাপিক্সেল, 3” এল.চি.ডি, 4 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 21000 টকা

চনী চাইবাৰ স্বট টি-700
10.1 মেগাপিক্সেল, 3.5” এল.চি.ডি, 8 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 22,500 টকা

চনী চাইবাৰ স্বট এইচ 50 [চেমি এচ.এল.আৰ]

8.1 মেগাপিক্সেল, 3” এল.চি.ডি, 10 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 2400 টকা

চেমছাং 18
8.3 মেগাপিক্সেল, 2.7” এল.চি.ডি, 5 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 11800 টকা

চেমচাংএনভি 9
10.2 মেগাপিক্সেল, ডাঙৰ এল.চি.ডি, 5 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ-
আলিম্পাচ এফই 25
10.0 মেগাপিক্সেল, 2.4” ডিচপেঞ্চ, 3 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 7, 500 টকা

অলিম্পাচ এফই 300
12 মেগাপিক্সেল, 2.5” এল.চি.ডি, 3 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 15,500 টকা

কোডাক এম 1073 আই এচ
10.2 মেগাপিক্সেল, 2.7” এল.চি.ডি, 3 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 15,500 টকা

কোডাক ভি273
12 মেগাপিক্সেল, 3” এল.চি.ডি, 3 এক্স অপটিকেল ঝুম লিথিয়াম বেটাৰী
দামঃ- 21,000 টকা

কোডাক জেড 1012 আইএচ [চেমি এচ.এল.আৰ]
10.1 মেগাপিক্সেল, 2.5” এল.চি.ডি, 12 এক্স অপটিকেল ঝুম ডাবল এ বেটাৰী
দামঃ- 23,500 টকা

ডি.এচ.এল.আৰ


কেনন ই অ এচ 450 ডি (18-55 মি.মি কিট)
12.2 মেগাপিক্সেল, 3’’ এলচিডি, 9 পয়ন্ট অটো ফকাছ3.5 এফপিএচ শুটিং স্পীড, লাইভ ভিউ উইথ অটো ফকাছডিজিক 3 ইমেজ প্ৰচেছৰ
দামঃ- 52,000/_ টকা

কেনন ই অ এচ 50 ডি (17-85 মি.মি. কিট)
15.1 মেগাপিক্সেল, 3’’ এলচিডি, 9 পয়ন্ট অটো ফকাছ, 6.3 এফপিএচ শুটিং স্পীড, লাইভ ভিউ উইথ অটো ফকাছডিজিক 4 ইমেজ প্ৰচেছৰ
দামঃ- 99,000/_ টকা

কেনন ই অ এস 5 ডি মাৰ্ক-2
21.1 মেগাপিক্সেল, 3’’ এলচিডি, 9 পয়ন্ট অটো ফকাছ3.9 এফপিএচ শুটিং স্পীড, লাইভ ভিউ উইথ অটো ফকাছডিজিক -4 ইমেজ প্ৰচেছৰ, এইচডি ভিডিঅকেপচাৰ 1920X1080 ৰিজলিউচন
দামঃ- 1,80,000/_ টকা

নাইকন ডি-40
6.24 মেগাপিক্সেল, 2.5’’ এলচিডি, 15.6X23.7 মি.মি. চেঞ্চৰ চাইজ, লিথিয়াম বেটাৰী
দামঃ- 38,000/_ টকা

10.2 মেগাপিক্সেল, 2.5 এলচিডি, 15.8 X 23.6 চেঞ্চৰ চাইজ, লিথিয়াম বেটাৰী
দামঃ 38,000 টকা

এটা ডিজিটেল কেমাৰা কিনাৰ আগতে কি কি মন কৰিব লাগে ?
| বৰ্তমান সময়ত এটা কেমেৰা ন্যুনতম ৮ মেগাপিক্সেল হোৱাতো উচিত
| তুলনামূলক ভাবে লিথিয়াম আয়ন বেটাৰীৰ চাৰ্জৰ স্থায়ত্ব বেছিসেয়েহে কেমেৰা কিনোতে লিথিয়াম বেটাৰী কেমেৰাক প্ৰাধান্য দিব লাগে
| কেনন, নাইকন, চনী, অলিম্পাচ আদি নামী কোম্পানীৰ কেমেৰা কিনা বহু দিশৰ পৰা নিৰাপদএই সমুহ কোম্পানীৰ লেঞ্চ আৰু চেঞ্চৰ যথেষ্ট উন্নত মানৰ হয়
| আপুনি পচন্দ কৰা কেমেৰাটোৱে আই.এচ. [ISO] কিমানলৈকে সমৰ্থন কৰে চালিজাৰি চাই লবকাৰন কম পোহৰত ফটো তোলোতে এই আই.এচ.অৰ গুৰুত্ব বহুত
| কেমেৰাটোৱে কিমান দূৰ মেমৰী চাপৰ্ট কৰে চাই লব লাগে
| পৰাপক্ষত প্ৰকৃত পৰিবেশক বা এজেন্টৰ পৰা কেমেৰা কিনাতো বেছি নিৰাপদকেমেৰা কিনোতে চাৰ্ভিচ আৰু ৱেৰেন্টী কাৰ্ড লবলৈ নাপাহৰিব
       ওপৰত উল্লেখ কৰা কেমেৰাৰ দাম সমুহ সময়ে সময়ে সলনি হৈ থাকে ইয়াত সাম্ভাব্য দাম সমুহহে উল্লেখ কৰা হৈছে এই সমুহৰ মাজৰ পৰা এটা কেমাৰা নিৰ্বাচন কঁৰোতে এটা কথা মনত ৰাখিব লাগে যে, সকলো নিৰ্ভৰ কৰে আপোনাৰ প্ৰয়োজনৰ ওপৰত আপোনাৰ যদি স্পেচীয়েল ফটো তুলিব লগা হয় বা আপোনাৰ পেশাদাৰী ফটোগ্ৰাফীৰ মন আছে তেন্তে নিশ্চয় ডি.এচ.এল.আৰ লবলৈ ক’ম কিন্তু এমেচাৰ ফটোগ্ৰাফীৰ বাবে বেছি খৰচ নকৰাই শ্ৰেয় বহু সময়ত ডাঙৰ এচ.এল.আৰ কেমেৰা হাৰমালহে হয় ক’ত থম ? কি কৰিম ইত্যাদি নানা সমস্যা সেইবোৰ সমস্যা কম্পেক্ট কেমেৰাত নাই আজিকালি কম্পেক্ট কেমেৰাত ১০ এক্স ঝুম আৰু ১০ মেগা পিক্সেল পোৱাই যায় এনে কেমেৰাৰ বেটাৰিও দীৰ্ঘদিন চলে গতিকে খুব প্ৰয়োজন নহলে কম্পেক্ট কেমেৰা যঠেষ্ট সুবিধজনক

বিঃদ্ৰঃ এই লিখনিৰ লগত উল্লেখ কৰা দাম সমুহ সময় সাপেক্ষহে। সময়ে সময়ে এই সমুহ সলনি হৈ থাকে। গতিকে তৎকালীন দাম সমুহৰ বাবে কেমেৰা নিৰ্মাণ কৰা কোম্পানীৰ ৱেব চাইটত প্ৰৱেশ কৰি চাই লয় যেন।
অন্য লিংকসমুহ:







2 comments:

  1. ভাল লাগিল কথা খিনি জানি। ধন্যবাদ।

    ReplyDelete
    Replies
    1. ভাল লগা বুলি গম পাই মোৰো ভাল লাগিল। মন্তব্যৰ বাবে ধন্যবাদ।

      Delete