May 31, 2013

ফটোগ্ৰাফী শিক্ষা- ৪ [চাটাৰ স্পিড]


           চাটাৰ স্পিড(Shutter Speed)

              


আজি কবলৈ ওলাইছো চাটাৰ স্পিডৰ বিষয়ে।ইতিমধ্যে আগৰ পষ্টত উল্লেখ কৰিছোৱেই যে কেমেৰাৰ পোহৰ নিয়ন্ত্ৰন কৰা সমলৰ ভিতৰত অন্যতম হচাটাৰ স্পিড

চাটাৰ স্পিড কি ?

সহজ ভাষাত, আপোনাৰ ঘৰত খিৰীকি আছে নহয় ?সেই খিৰিকিত পৰ্দা আছে নিশ্চয়।এপাৰেচাৰ যদি খিৰিকিৰ চাইজ হয়, তেন্তে চাটাৰ হল এই খিৰিকিখনৰ পৰ্দা।এতিয়া কেমেৰাৰ লেঞ্চৰ ভিতৰেদি পোহৰ আহি এপাৰেচাৰৰ মাজেদি পাৰহৈ গৈ এই পোহৰ কেমেৰাৰ ভিতৰত কিমান সময় থাকিব তাক নিয়ন্ত্ৰন কৰে এই চাটাৰ স্পিডে।এইটো কথা সকলোৱে বুজি পাই নিশ্চয় যে খিৰিকিৰ পৰ্দাখন অলপ সময় ডাঙি থলে কম সময়ৰ বাবে পোহৰ কোঠাৰ ভিতৰলৈ আহিব।অন্যহাতে যদি কোঠাৰ পৰ্দাখন দিনটো ডাঙি থৈদিয়া যায়, তেন্তে দিনতো পোহৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰিব, অৰ্থাৎ বেছি সময়ধৰি পোহৰ সোমাব।উদাহৰণটো ঠিক দিছোনে ? J

                     :চাটাৰ স্পিডৰ একক:


চাটাৰ স্পিডৰ একক হল চেকেন্ড। যদি চাটাৰ স্পিড ¼ sec বুলি কওঁ তেন্তে বুজিব লাগিব পোহৰ একচেকেণ্ডৰ চাৰি ভাগৰ এভাগ সময় কেমেৰাৰ চেঞ্চৰ বা ৰীলৰ ওপৰত পৰিব।যদি চাটাৰ স্পিড 1/60 sec বুলি কওঁ তেন্তে বুজিব লাগিব পোহৰ চেঞ্চৰ বা ৰীলৰ ওপৰত এক চেকেণ্ডৰ ষাঠি ভাগৰ এভাগ সময় পৰিব।
একোটা কেমেৰাৰ চাটাৰ স্পিডবোৰ সাধাৰনতে তলত দিয়া ধৰনৰঃ

1/8000 s
1/4000 s
1/2000 s
1/1000 s
1/500 s
1/250 s
1/125 s
1/60 s
1/30 s
1/15 s
1/8 s
1/4 s
1/2 s
1 s
2 s
4 s
8 s
B – এইটোৰ অৰ্থ বাল্ব।এইটো চিলেক্ট কৰিলে, যিমান সময় ক্লীক বুটাম টিপি ৰখা হব সিমান সময় চাটাৰ বন্ধ নহয়।
 ওপৰৰ কথাটোত অকনমান মন কৰিলে দেখিব ওপৰলৈ বা তললৈ যাওতে চাটাৰ স্পিড হয় দুগুণ হৈছে অথবা আধা হৈছে।যেনে ১/২ চেকেণ্ডৰ পৰা বাঢ়িলে হয় ১ আৰু কমিলে হয় ১/৪ । এই আধা হোৱা বা দুগুণহোৱা খেলাটো এপাৰেচাৰতো আহে। J J J ভালকৈ মনত পেলাওক।আকৌ যেতিয়া ISO ৰ বিষয়ে কম তেতিয়া দেখিব তাতো সেই একেই খেলা। J L

চাটাৰ স্পিড কম বা বেছি কৰি ফটোত বহু খেলা কৰিব পাৰি।ধৰক গুৱাহাটি চহৰৰ ব্যস্ত ৰাস্তা এটাৰ ফটো যদি আপুনি শ্ল-চাটাৰ স্পিডত তোলে তেন্তে গাড়ীবিলাকৰ হেড লাইট আৰু বেকলাইটৰ এটা দীঘল বগা আৰু ৰঙা ৰঙৰ ৰেখাৰ দৰে সৃষ্টি হৈছে।[এনে বহু সুন্দৰ ছবি মোৰ বন্ধু বিক্ৰমজিৎ ৰ Profile প্ৰফাইলত চাবলৈ পাব। মই নিজে আজিলৈ তেনে এখন ভাল ফটো উঠাব পৰা নাইLLবিক্ৰমজিৎ কাকতিৰ ফটো চাওক:]
আকৌ যদি চাটাৰ স্পিড বঢ়াই ,ধৰক 1/200 sec ত কোনো জলপ্ৰপাতৰ ফটো উঠাও তেন্তে তাৰ বৈ অহা পানীখিনি বৰফ যেন দেখা যাব। ধৰক এনেধৰণৰঃ

[কেমেৰাটোলৈ জলপ্ৰপাতৰ ওছৰ নাপালোগৈ। গতিকে নদীৰ বুকুত বঠাৰ চাবৰ ফটোকে দিলোউপাই নাই। কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি । :)]
তেতিয়া হলে এতিয়ালৈকে আমি গমপালো যে এপাৰেচাৰৰ সহায়ত পোহৰৰ পৰিমান নিয়ন্ত্ৰন কৰা হয়, আৰু এই পোহৰ কিমান সময় চেঞ্চৰ বা ৰীলৰ ওপৰত পৰিব সেইটো নিয়ন্ত্ৰন কৰা হয় চাটাৰ স্পিড কন্ট্ৰল কৰি।
অহা পষ্টত ISO সম্পৰ্কে লিখিম বুলি আশা ৰাখিলো।    

পুৰণা প'ষ্ট চাবলৈ লিংক:
               হেপ্পী ফটোগ্ৰাফী




No comments:

Post a Comment