May 29, 2013

ফটোগ্ৰাফীৰ প্ৰথম কথাঃ

ফটোগ্ৰাফীৰ প্ৰথম কথা নিয়ম ভঙা।কিন্তু এটা প্ৰচলিত নিয়ম ভাঙি তাৰ স্থানত এক নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ আগতে আমি জানিব লাগিব নিয়মটোনো কি।হলে নিয়ম ভঙ্গ কৰাটো থিক যুক্তিপূৰ্ণ নহবL।
এই লিখনিৰ উদ্দেশ্য কিন্তু সেইটোৱেই।যি সকলে ফটো তুলি মনৰ ভিতৰত এক অনাবিল আনন্দ উপভোগ কৰে সেই সকলে আৰু কেনেকৈ এই আনন্দ বৃদ্ধি কৰিব পাৰে তাৰেই কৌশল কিছুমানৰ লগত পৰিচয় কৰি দিয়া।আপাতত আপোনাৰ হাতত কেমেৰা আছে নে নাই সেই বিষয়ে চিন্তা নকৰিব। বৰ্তমান যিখিনি কথা কবলৈ ওলাইছো সেইখিনি বুজিবলৈ জীৱনত কোনোদিন কেমেৰা নেদেখিলেও ব।কেমেৰা নাথাকিলেও আপুনি এইখিনি কথা বুজি পাব। তেন্তে আহক আমি কেমেৰাৰ বা ফটোগ্ৰাফীৰ নিয়মৰ জগতত ভৰি দিও



এক্সপজাৰ (Exposure)  

         
ফটোগ্ৰাফীৰ জীৱনত প্ৰথম আৰু শেষ পৰ্য়ন্ত এই শব্দটো আপুনি অসংখ্যবাৰ শুণিব লাগিব। ফটো কি ? এটা পোহৰৰ খেল। সেয়ে আমি ইয়াক অসমীয়াত নাম দিছো বা সততে ব্যৱহাৰ কৰো আলোকচিত্ৰ বুলি।পুৰণিদিনত যেতিয়া ফ্লীমকেমেৰা আছিল তেতিয়া পদ্ধতিটো আছিল এনেধৰণৰ, পোহৰ যেতিয়া বিষয়বস্তুৰ ওপৰত পৰি প্ৰতিফলিতহৈ ফ্লিমৰ অৰ্থাৎ ৰীলৰ ইমালচনৰ ওপৰত পৰে আৰু তেতিয়া তাৰ ওপৰত আলোক সংবেদী এটা বিক্ৰিয়া ঘটে। আৰু ইয়াৰ ফলত যিটো উৎপন্ন হয় তাক আমি ফটো বুলি কওঁ।আৰু ৰীলটো পোহৰৰ সংস্পৰ্শত অহাটোক আমি কওঁ ৰীলটো পোহৰত এক্সপ
 ডিজিটেল কেমেৰাত যিহেতু ফ্লীম অৰ্থাৎ ৰীলৰ ব্যৱস্থা নাই, সেই কাৰণে ইয়াত এক্সপজাৰ হোৱাৰ অৰ্থ কেমেৰাৰ চেঞ্চৰৰ ওপৰত পোহৰ পৰা।এই কেমেৰাৰ চেঞ্চৰ বা ৰীলৰ ওপৰত পোহৰপৰাটো যদি এক্সপজাৰ বুলি কওঁ তেন্তে এই পোহৰ বা আলোক নিয়ন্ত্ৰন কৰাৰ কাইদাটোৱেই এক্সপজাৰ কণ্ট্ৰলপোহৰ যদি বেছি পৰে তেন্তে অভাৰ এক্সপজা আৰু প্ৰয়োজনতকৈ কম পৰিলে আণ্ডাৰ এক্সপজাৰ
ফটোএখন অভাৰ এক্সপজাৰ লে ফটোখন বগা বগা বা ধোৱাকোঁৱা দেখো আৰু আণ্ডাৰ-এক্সপজাৰ লে আন্ধাৰ মুন্ধাৰ দেখো।

এক্সপজাৰ কন্ট্ৰল কৰা হয় তিনিটা বস্তুৰ সহায়তসেইকেইটা :এপাৰেচাৰ(Aperture), চাটাৰ স্পিড(Shutter Speed)  আৰু আই.এচ. (ISO)
 
আজিলৈ ইমানতে এৰিলো।পৰৱৰ্তী ষ্টত এই তিনিটা বিষয় বস্তুৰ ওপৰত আলোচনা কৰা হব।
ধন্যবাদ।
পুৰণা প'ষ্ট চাবলৈ ক্লীক তলৰ লিংকত কৰক





No comments:

Post a Comment