May 29, 2013

ফটোগ্ৰাফী শিক্ষা-৩ [এপাৰেচাৰ]

Aperature    

  ইয়াৰ আগৰ পষ্টত এক্সপজাৰ কি সেই বিষয়ে উল্লেখ কৰিছিলো।এক্সপজাৰ নিয়ন্ত্ৰন কৰা হয় তিনিটা বস্তুৰ সহায়ত: এপাৰেচাৰ(Aperature),চাটাৰ স্পীড(Shutter Speed) আৰু আই.এচ.অ(ISO)। এই তিনিটাৰ মাজৰ 'এপাৰেচাৰ'ৰ বিষয়ে আজি কবলৈ ওলাইছো।


এপাৰেচাৰ(Aperture)

এপাৰেচাৰৰ অসমীয়া প্ৰতিশব্দ কি হব নাজানো।গতিকে এই লিখনিত এপাৰেচাৰ বুলিয়েই ব্যৱহাৰ কৰিম। ঠিক আছে ? এপাৰেচাৰ মানে ধৰক ফুটা।কেমেৰাৰ লেঞ্চখনৰ ঠিক কাষতে থাকে কিছুমান অইনাৰ যন্ত্ৰপাতি(Glass Elements)।তাৰ ঠিক পিছতেই থাকে এপাৰেচাৰ।এপাৰেচাৰ যিমান ডাঙৰ হব মানে ফুটাটো যিমান ডাঙৰ হব, কেমেৰাৰ ভিতৰত সিমানেই বেছি পোহৰ সোমাব।আৰু এপাৰেচাৰ সৰু হলে পোহৰ কম সোমাব।অৰ্থাৎ কেমাৰাৰ ভিতৰত কিমান পৰিমানৰ পোহৰ সোমাব তাক নিয়ন্ত্ৰন কৰিব পাৰো এই এপাৰেচাৰৰ সহায়ত।


কিন্তু মনকৰিব লগা কথা যে কেমেৰাবোৰত এটা গণ্ডগোলীয়া কথা আছে।জমনি কথাটো হল, এপাৰেচাৰ বুজাবলৈ যি Value বা সংখ্যা কেমেৰা বোৰত দিয়া থাকে, তাৰ লগত ফুটাৰ আকাৰৰ সম্পৰ্ক সম্পূৰ্ণ ওলোটা।মানে এপাৰেচাৰৰ সংখ্যা যিমান বঢ়োৱা হব ফুটাৰ আকাৰ সিমান সৰু হয় আৰু এপাৰেচাৰৰ সংখ্যা যিমান সৰু হব, ফুটাৰ আকাৰ সিমান ডাঙৰ হয়। জমনী নহয়নে ?
   এপাৰেচাৰ কম বা বেছি কৰি ফটোত বহু খেলা কৰিব পৰা যায়।যিটোক কোৱা হয় ডেপথ্‌ অফ ফিল্ড (Depth of Field) চমুকৈ যাক কোৱা হয় DOF।আজি অৱশ্যে DOF ৰ বিষয়ে বাখ্যা নকৰো।পৰৱৰ্তী পষ্টত কেতিয়াবা এই বিষয়ে কম।
  এইখিনিতে এজন বিখ্যাত ফটোগ্ৰাফাৰৰ উক্তি উল্লেখ কৰা ভাল হব।তেখেতে কৈছে: এটা সহজ উদাহৰণ দিও।ধৰক আপোনাক এটি সুক্ষ্ম বস্তু আঁকিবলৈ দিয়া হৈছে।আপোনাৰ সন্মুখত মোটা আৰু মিহি দুইবিধ তুলিকা আছে।আপুনি বস্তুটো অঁকাৰ সময়ত কোনবিধ তুলিকা ব্যৱহাৰ কৰিব ? নিশ্চয় মিহিডাল।কিয়নো মোটা তুলিকাৰে আঁকিলে ৱংবোৰ বিয়পি যাব, সুক্ষ্মভাৰে ছবিখন অঁকা সম্ভব নহব।গতিকে কোনো ফটোৰ চাৰ্পনেচ বা তিক্ষ্ণতাৰ বাবে ফুটাটো যিমান সৰু হব পোহৰ সিমান তিক্ষ্ণ হব আৰু ফটো সিমান সুক্ষ্ম হব।

       এপাৰেচাৰৰ সুচক হf. বহু সময়ত f.ৰ পিছত /চিহ্নও দিয়া থাকে।আকৌ মনত পেলাই দিছো f যিমান সৰু হয় ফুটা সিমান ডাঙৰহয়।f.  ভেলু কি কি হয় লগত দিয়া ফটোখনৰ পৰা নিশ্বয় অনুমান কৰিব পাৰিব।


আজিলৈ ইমানতে সামৰিলো। পৰৱৰ্তী পষ্টত নতুন কিছু আলোচনাৰ আশাৰে হেপ্পী ফটোগ্ৰাফী। 

পুৰণা প'ষ্টৰ লিংক:

  1. ফটোগ্ৰাফীৰ প্ৰথম কথাঃ
  2. ফটোগ্রাফী শিক্ষা--১
  3. ফটোগ্রাফী শিক্ষা--২
  4. ফটোগ্ৰাফী শিক্ষা- ৪ [চাটাৰ স্পিড]
  5. আই.এচ.অ'(ISO)
  6.  







No comments:

Post a Comment