August 30, 2011

ফটোগ্রাফী শিক্ষা--২


সম্পুর্ণ ফটো তোলক :
    আপুনি এখন সুন্দৰ ফুলৰ ফটো উঠাব বিছাৰে। বহুটো ফুলৰ মাজত এটা বিশেষ ফুল আপোনাৰ বাবে গুৰুত্বপুর্ণ।আপুনি কিন্তু ফটোখন উঠোৱাৰ পাছত আপুনি যাকেই ফটোখন দেখুৱাইছিল, তেখেত সকলে কিন্তু সেই ফুলপাহক কোনো গুৰুত্বই নিদিলে।আপুনি লক্ষ্য কৰিলেনে যে আপোনাৰ প্রিয় ফুলটো সকলোৰে বাবে গুৰুত্বহীন হৈ পৰিল। কাৰণ আপুনি ফটোখনেই তেনেকৈ তুলিছে। যদি ফুলৰ ফটো তোলে তেন্তে যিমান পাৰে ওছৰলৈ গৈ ফটো তোলক। এনেকুৱাকৈ তোলক যাতে ফটোখনৰ বেছিঅংশ জুৰি থাকে আপোনাৰ ফুলপাহ। বাকিবোৰ ফুলৰ কাম হব সেই বিশেষ ফুল পাহক ফুটাই তোলা।
 
   ফুল নহৈ যদি কোনো বিশেষ বস্তু ,আনকি কোনো ব্যক্তিৰ বিষয়েও হয় তেতিয়াও এই নিয়মতে ফটো উঠাওক। আপুনি ভাবিৱ পাৰে যে ফটো তোলাৰ পাছত ফটোচপ(Photoshop) কাষৰ অলাগতিয়াল বস্তু সমুহ বাদ দিব পাৰি দেখোন! সেইটো নকৰি এনেভাবেই ফটোতোলাৰ অভ্যাস কৰক।ফটোগ্রাফিৰ ক্ষেত্রত এটি বিক্ষ্যাৎ উক্তি হৈছে, ....ফটো বেয়া হৈছে কাৰণ আপুনি যথেষ্ট ওছৰলৈ যোৱা নাই।" গতিকে যিমান পাৰে ওছৰলৈ যাওক,নতুবা লেঞ্চ সলনি কৰক অথবা জুম ব্যৱহাৰ কৰক।






                                পোর্ট্রেট মুডত ছবি উঠাওক :


   সাধাৰণতে অধিকাংশ ফটোৱেই তোলা হয় লেন্ডস্কেপ মুডত, কাষত বেছি ঠাই খালি ৰখি। অথচ কেমেৰাটো ঘুৰাই সেই ফটোখনকেই ঠিয়কৈ উঠাব পাৰি। এজন ঠিয়হৈ থকা ব্যক্তিৰ ফটো লেণ্ডস্কেপ মুডত তুলিলে কাষত বহুটো খালি ঠাই থাকি যায়।অথচ ঠিয়কৈ তুলিলে তাক আৰু সুন্দৰকৈ প্রকাশ কৰিব পৰা যায়। নাপাহৰিব সেই কাৰনেই ইয়াৰ নাম পোর্ট্রেট মুড এখন ফটো কেনেকৈ উঠালে ভাল হব তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই।একেই ফটো যিকোন ভাবেই সুন্দৰ হব পাৰে।


ফ্রেমৰ মাজত ফ্রেম:
  প্রিন্ট কৰা ফটো আমি ফ্রেমত বন্ধাই থওঁ, ডিজিটেল ফটোৰ চাৰিওফালে ফ্রেম ব্যৱহাৰ কৰা হয় ইচ্ছা কৰিলে ফটো তোলাৰ সময়তে কিবা সামগ্রিক ফ্রেম হিছাবে ব্যৱহাৰ কৰিব পাৰি। প্রকৃতি, গছৰ পাত,দেৱালৰ পৰা আৰম্ভ কৰি যি কোনো বস্তুকে ফ্রেম হিছাবে ব্যৱহাৰ কৰি ফটোৰ সৌন্ধয্য বঢ়াই তুলিব পাৰি।




অন্য লিংক: 


  1. ফটোগ্ৰাফীৰ প্ৰথম কথাঃ
  2. ফটোগ্রাফি শিক্ষা-১
  3. ফটোগ্ৰাফী শিক্ষা-৩ [এপাৰেচাৰ] 
  4. ফটোগ্ৰাফী শিক্ষা- ৪ [চাটাৰ স্পিড]  
  5.     অসমীয়া মডেল-বীণা। 
  6.    পতা সোনৰ গহনা আৰু   
  7.   অসমীয়ামডেল। 
  8.     অসমীয়া মডেল ৰিজু
  9.   দ্বিজেন মহন্তৰ পৰিচালিত ভিডিঅ'
  10.    অসমীয়া নাটকৰ আলোক চিত্র।
  11.  বিশ্বনাথ চাৰিআলি কেন্দ্রীয় মুকলি বিহু প্রতিযোগিতা

ফটোগ্রাফী শিক্ষা--১


কেমেৰা ভাল হলে ফটো ভাল হয়। কথাটা কিছু সত্য কিন্তু সাধাৰণ কেমেৰা ব্যবহা ৰিও  সুন্দৰ ফটো উঠোৱাৰ বহু উদাহৰণ আছে। দামী এচ এল আৰ কেমেৰাই হওঁক বা সাধাৰণ এইম এণ্ড ক্লিক কেমেৰা হওঁক অথবা মোবাইল ফোনৰ কেমেৰাই হওঁক কিছু নিয়ম মানিলে যি কোনো লোকেই ভাল ফটো উঠাব পাৰিব। পেশাদা ফটোগ্রাফাৰ সকলে যিবোৰ নিয়ম মানি ফটো তোলে, সেই বোৰ কিছু জানি লওক।


                                   ছবি বিষয় ঠিক ৰক।

ক্যামেৰাত ক্লিক কৰিলেই ফটো ঠিব।কেমেৰাৰ সন্মুখত যি আছে কেমেৰাই তাক পাবই। তাকে জানো ভাল ফটোগ্রাফ বোলা যায়!ফটো উঠোৱাৰ আগেয়ে ফটোখন এখন সুনিপুত শিল্পীৰ ছবিৰ লগত তুলনা কৰক। যেনেকৈ এজন শিল্পীয়ে বহু ভাবি চিন্তি এটা বক্তব্য প্রকাশ কৰে। ফটোগ্রাফাৰ হিছাবে আপোনাৰো সেইটোৱেই দায়িত্বগতিকে ফটো উঠোৱাৰ আগতে নিজে নিজকে প্রশ্ন কৰক, আপুনি কিহৰ ফটো উঠাবলৈ লৈছে ইয়াৰ বক্তব্য কি ? কোনো ব্যক্তি ফটো উঠালে তা পোচাক, ৰিবেশ, পোহৰ সেইবিলাক তাৰ সৈতে খাপখোৱা হয়নে নহয় ইত্যাদিগতিকে ফটো উঠোৱাৰ প্রথম নিয়ম, চিত্রৰ বক্তব্য ঠিক ৰক যি ফটোৱেই নুঠাওঁক কিয়, এবাৰ নিজকে প্রশ্ন কৰক কিহৰ ফটো উঠাইছে। ফটোখনৰ বক্তব্য কি অন্য কিবা ধৰণে উঠালে  ফটোখন আৰু অলপ ভাল 'লহেতেন নেকি বাৰু ? দিন অন্য সময়, কিংবা কৃত্রিম পোহৰ ব্যবহাৰিলে


                                ত্রি-তত্ত্ব (rule of three):
ফটো উঠাবৰ সময়ত সাধাৰণ ফটোগ্রাফাৰে দিগন্তৰখা ফটোখনৰ মাজত ৰাখি ফ্রেম কৰে।অর্থাৎ আপোনাৰ সন্মুখত যদি এখন পথাৰ আৰু আকাশ থাকে তেতিয়া আধাখিনি স্থান আকাশৰ বাবে আৰু আধাখিনি পথাৰৰ বাবে সমানে দুভাগ কৰি লয়।কিংবা সমুদ্র আৰু আকাশ থাকে তেনেহলে আধা আকাশ আৰু  আধা পানী এই ধৰণে ফটো উঠায়। ইয়াক বহুতে এখন ড্র খেলৰ লগত তুলনা কৰে।কোন বিজয়ী জনা নাযায়। ই কিন্তু ফটোগ্রাফিৰ এটি গুৰুত্বপুর্ন নিয়ম ৰুল অব থ্রিৰ পৰিপন্থী।হাজাৰ বছৰ ধৰি এই ৰুল অব থ্রি প্রচলিতহৈ আহিছে।   নিয়ম হৈছে, বিষয়ৰ গুৰুত্ব অনুযায়ী দুভাগ এজনক আৰু বাকি এভাগ আনজনক দিয়ক ।যদি সমুদ্র গুৰুত্বপুর্ণ তেন্তে দিগন্তৰেখা দুভাগৰ ওপৰত ৰাখক, যদি আকাশ গুৰত্বপুর্ণ হয় তেন্তে আকাশৰ বাবে তিনি ভাগৰ দুভাগ দিয়ক।অনায়সে এখন সুন্দৰ ফটো পোৱা যাব।